শেহতীয়া আপডেটঃ

স্বাধীনতাৰ ৭৫ বছৰ পিছতো ঘগ্ৰাপাৰৰ দামোদৰ ধাম পথটো নিৰ্মাণ নহ’ল : পকীকৰণৰ দাবীত ৰাজপথলৈ উলাই আহিল ক্ষোভিত ৰাইজ :

 

স্বাধীনতাৰ ৭৫ বছৰ পিছতো ঘগ্ৰাপাৰৰ দামোদৰ ধাম পথটো নিৰ্মাণ নহ’ল :
পকীকৰণৰ দাবীত ৰাজপথলৈ উলাই আহি ক্ষোভিত ৰাইজ ::

 

অসম খবৰ প্ৰতিনিধি
নলবাৰী: ফইজুল হক চৌধুৰী

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথৰ কোৰাচৰ তলৰ চ’কৰ পৰা পূৱ দিশেৰে জানোপাৰ,দুই নং নিমুৱা লাটিমা হৈ চিলিং সংলগ্ন প্ৰায় তিনি কিলোমিটাৰ পথ স্বাধীনতা ৭৫ বছৰ পিছতো পকীকৰণ নোহোৱাত আজি দুপৰীয়া ভাগত স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি ক্ষোভ প্ৰকাশ কৰে। গাঁৱখনৰ প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলা এই পথছোৱা পকীকৰণ দাবীত ৰাজপথলৈ ওলাই আহি বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গান দিয়ে। লগতে প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ হুছেইনে ভাষণ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গৃহ গাঁৱৰ লাটিমাৰ পৰা মাত্ৰ দুই কিলোমিটাৰ আঁতৰ গাঁৱখনৰ একমাত্ৰ পথছোৱা আজি পৰ্যন্ত পকীকৰণ নোহোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। লগতে নেতাগৰাকীয়ে কয় যে উক্ত পথছোৱা এজাক বৰষুণতে বোকা-পানী একাকাৰ হোৱা উপৰিও পথছোৱাৰে ছাত্ৰ-ছাত্ৰী ,পথচাৰী আৰু বেমাৰ -আজাৰ হোৱা ৰোগী অহা -যোৱা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ অহাৰ সমস্যা শীঘ্ৰে আঁতৰাবলৈ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে। পিছে এই ক্ষেত্রত বিধায়ক বৰুৱাই কি ভুমিকা গ্ৰহণ কৰে সেয়া সময়হে ক’ব পাৰি।


ইফালে ঘগ্ৰাপাৰ যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ব্লকত শেহতীয়াভাৱে এম জি এন্ ৰেগা,চতুৰ্দশ বিত্তীয় আয়োগ,অনময় আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে মাস্ক -ছেনিটাইজাৰ বিতৰণতো ব‍্যাপক দুৰ্নীতি-সংঘটিত হোৱা লগতে বিভিন্নখন আঁচনিৰ কাম -কাজ পৰিচালনাত ব‍্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিয়োগ তুলিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.