31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুলৰ খাদ্য সংকটঃ জিলা প্ৰশাশনক খাদ্য যোগানৰ দাবী দেৱালয় পৰিচালনা সমিতিৰ

    সম্প্ৰতি ৰাজ্যখনত চলি থকা আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত এই বান্দৰৰ সমাজখন ভুগিছে চূড়ান্ত খাদ্য সংকটত৷ বিশেষকৈ কৰ’নাৰ পৰিপ্ৰেক্ষিতত দেৱালয়খনত দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ থকাত বান্দৰবোৰে খাদ্যৰ অভাৱত পৰিছে৷

    ♦গোৱালপাৰা জিলাৰ ঐতিহাসিক তীৰ্থস্থান শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়৷ প্ৰবাদ মতে, দেৱাদিদেৱ মহাদেৱৰ দেহত্যাগী প্ৰিয়তমা পত্নী সতীৰ নস্বৰ দেহ প্ৰভূ নাৰায়ণে সুদৰ্শন চক্ৰৰ হতুৱাই খণ্ড খণ্ডকৈ কাটি শিৱক ভাৰমুক্ত কৰোতে সতীৰ খণ্ডিত শৰীৰৰ টুকুৰা এটি পৰি পৰবৰ্তী কালত ঠন ধৰি উঠে শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয়৷ সতীৰ দেহৰ টুকুৰা পৰাৰ বাবে এই ঠাই খণ্ডৰ নাম টুকুৰা আৰু তীৰ্থস্থান খনিৰ নাম হৈ পৰে টুক্ৰেশ্বৰী৷ ১৮শতিকাৰ মাজ ভাগৰ পৰাই এই তীৰ্থস্থান খনিত বলি-বিধানেৰে দুৰ্গা পূজাৰ প্ৰচলন হৈ থকাৰ তথ্য বুৰঞ্জীত বিদ্যমান৷

    তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণে সপোনত পোৱা দেৱীৰ নিৰ্দেশ সাৰোগত কৰিয়ে আনুমানিক ১৮৫০ চন মানৰ পৰা টুক্ৰেশ্বৰী দেৱালয়ত দেৱী পূজাৰ আয়োজন কৰাৰ ব্যৱস্থা কৰে৷ ইয়াৰ পৰবৰ্তী সময়ত দেৱালয় খনিত প্ৰতি বছৰে মহা ধুম-ধামেৰে দুৰ্গা পূজাৰ আয়োজন চলি আহিছে৷ প্ৰাচীন এই তীৰ্থস্থান খনি বিখ্যাত বান্দৰৰ ৰজা ৰাণীৰ বাবে৷ এছামীচ মেকক প্ৰজাতিৰ এই বান্দৰ সমাজ পৰিচালিত হয় বান্দৰ ৰজা ৰাণীৰ নিৰ্দেশত৷

    সম্প্ৰতি ৰাজ্যখনত চলি থকা আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত এই বান্দৰৰ সমাজখন ভুগিছে চূড়ান্ত খাদ্য সংকটত৷ বিশেষকৈ কৰ’নাৰ পৰিপ্ৰেক্ষিতত দেৱালয়খনত দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ থকাত বান্দৰবোৰে খাদ্যৰ অভাৱত পৰিছে৷ দেৱালয়া পৰিচালনা সমিতিয়ে নিয়মীয়াকৈ খাদ্য যোগান ধৰি আহিছে যদিও বান্দৰৰ সংখ্যা অনুসৰি সেয়া পৰ্যাপ্ত নহয়৷ সেয়ে চৰকাৰ তথা জিলা প্ৰশাসনক এই বান্দৰবোৰৰ বাবে খাদ্যৰ যোগান ধৰাৰ দাবী জনাইছে দেৱালয় পৰিচালনা সমিতিয়ে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds