31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    শিৱসাগৰত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

    ■ শিৱসাগৰ জিলাৰ নাম-তি মিছাজান ৰজাবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা চিনাকি নাম “বাঘ”।

    উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ যোৱা নিশা পিঞ্জৰাবদ্ধ হয়।

    অঞ্চলটোত দীৰ্ঘদিনে সন্ত্ৰাসৰ চলোৱা নাহৰফুটুকী বাঘে ক্ৰমাগত ভাবে ঘৰচীয়া জীৱ -জন্তু নিধন কৰি আহিছিল।
    সীমান্ত ফুকনৰ বাগানতেই যোৱা ১০ জুনত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ লগতে এতিয়া লৈকে চাৰিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পিছতো বাঘৰ সন্ত্ৰাস হ্ৰাস পোৱা নাই ৰজাবাৰী অঞ্চলত।

    শেহতীয়াকৈ স্থানীয় ৰাইজে অঞ্চলটোৰ ৰজাবাৰী সত্ৰৰ সমীপৰ সীমান্ত ফুকনৰ চাহ বাগানত বন বিভাগৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত যোৱা নিশা প্ৰায় ৮ বজাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

    উক্ত অঞ্চলত বৰ্তমানেও আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে বন বিভাগক অঞ্চলটোত থকা বাঘ কেইটা অতি সোনকালে পিঞ্জৰাবদ্ধ কৰি ৰাইজক সকাহ দিবলৈ অনুৰোধ জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds