31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    শিৱসাগৰত দিখৌ নৈৰ ব্যাপক গড়া খহনীয়া।

    ♦নিৰৱ ভূমিকা পালন কৰিছে ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে।
    শিৱসাগৰ জিলাৰ হাঁহচৰা মণিপুৰী তিনিআলিত দিখৌ নৈৰ ব্যাপক গড়া খহনীয়া।

    গড়া খহনীয়াৰ ফলত দিখৌ নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম বাসগৃহ। ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ তৰফৰ পৰা আজি প্ৰায় চাৰি বছৰৰ পূৰ্বে দিখৌ নৈৰ গড়া খহনীয়া ৰোধ কৰাৰ স্বাৰ্থত লাখ লাখ টকা খৰচ কৰি মথাউৰি নিৰ্মাণৰ কাম সম্পন্ন কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে স্থানীয় ৰাইজে।

    মণিপুৰী তিনিআলিৰ বাসিন্দাসকলৰ বাৰাণ্ডা স্পৰ্শ কৰিবলৈ যেন সময়ৰ অপেক্ষাত দিখৌ নৈ। বৃহৎ বৃহৎ ফাঁত মেলিছে দিখৌ নৈৰ গড়া। অনতিপলমে উক্ত স্থানত প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শিৱসাগৰ-নাজিৰা সংযোগী পথটো দিখৌৰ কৱলত পৰাৰ সম্ভাৱনা অধিক। ৰাজ্যৰ জলসম্পদ বিভাগলৈ শীঘ্ৰে উক্ত স্থান মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds