31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলেও ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইতিমধ্যে গৰিমা শ‍ইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। গুৱাহাটীৰ পাথৰকুৱেৰীৰ নিলাচল এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে। আৰক্ষীয়ে বিতর্কিত মহিলাগৰাকীক আটক কৰাৰ পাছত গৰিমা শ‍ইকীয়া গাৰ্গে সামাজিক মাধ্যমযোগে অসম আৰক্ষীক ধন্যবাদ জনাইছে। ইপিনে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলেও ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবে পাঠশালা থানাত এজাহাৰ দাখিল কৰি শিখা শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো যাতে সাৰি যাব নোৱাৰে তাৰো দাবী জনাইছে।

    #JusticeForZubeenGarg #GarimaSaikiaGarg #zg #AssamNews #sikhasarma

    Via By: Asom Khobor
    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.