শেহতীয়া আপডেটঃ

শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ গঠনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিৰ ভূমিকা

অসম সাহিত্য সভাৰ পূৰ্ণাংগ আৰু বাৰ্ষিক অধিবেশনসমূহত যদি কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিয়ে কেৰিয়াৰ বিষয়ক কৰ্মশালা , আলোচনা চক্ৰ আদি নিয়মিতভাৱে আয়োজন কৰে, তেন্তে সেয়া এক সময়োপযোগী আৰু দূৰদৰ্শী পদক্ষেপ হ’ব।

° বুলজিৎ বুঢ়াগোহাঁই

বৰ্তমান শিক্ষাৰ্থী আৰু যুৱসমাজে কেৰিয়াৰ সম্পৰ্কে বহু প্ৰশ্ন, বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ সন্মুখীন হৈছে। কেৱল পাঠ্যপুথিগত শিক্ষা আজিৰ জটিল আৰু প্ৰতিযোগিতামূলক জীৱনৰ বাবে পৰ্যাপ্ত নহয়। সেয়ে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশ, সামাজিক সচেতনতা আৰু কেৰিয়াৰ গঠনত সহায় কৰিবলৈ সামাজিক-সাংস্কৃতিক সংগঠনসমূহে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিয়ে পথ প্ৰদৰ্শন আৰু উৎসাহ প্ৰদান কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

অসম সাহিত্য সভা অসমৰ এক অন্যতম মুখ্য  সাহিত্য-সাংস্কৃতিক সংগঠন। যদি ইয়াৰ কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিয়ে কেৱল সাহিত্যচৰ্চাত সীমাবদ্ধ নাথাকি শিক্ষাৰ্থী আৰু যুৱসমাজৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেন্তে সমাজত ইতিবাচক পৰিৱৰ্তন সম্ভৱ। বিভিন্ন অনুষ্ঠান, আলোচনাচক্ৰ আৰু কাৰ্যসূচীৰ জৰিয়তে “যুৱ সংসদ” উপসমিতিয়ে শিক্ষাৰ্থীসকলক নৈতিক মূল্যবোধ, সামাজিক দায়বদ্ধতা আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে।

বিভিন্ন সভা-সমিতি, শিবিৰ আৰু সাংস্কৃতিক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণে শিক্ষাৰ্থীসকলক দলগতভাৱে কাম কৰাৰ বাস্তৱ অভিজ্ঞতা প্ৰদান কৰে। ইয়াৰ জৰিয়তে নেতৃত্বগুণ, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু যোগাযোগ দক্ষতা বিকশিত হয়, যিবোৰ আজিৰ প্ৰতিযোগিতামূলক কেৰিয়াৰ ক্ষেত্ৰত অতি আৱশ্যক। তদুপৰি বিজ্ঞান, ক্ৰীড়া, সংগীত, নাটক আদি ক্ষেত্ৰত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগে শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু নিজৰ আগ্ৰহ আৰু দক্ষতা চিনাক্ত কৰাত সহায় কৰে।

কেৰিয়াৰ সম্পৰ্কে সচেতনতা সৃষ্টি কৰাটো অসম সাহিত্য সভাৰ কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিৰ অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা হ’ব পাৰে। বিভিন্ন কেৰিয়াৰ বিকল্প, উচ্চ শিক্ষাৰ সম্ভাৱনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ পদ্ধতিৰ ওপৰত কৰ্মশালা আৰু আলোচনা চক্ৰই শিক্ষাৰ্থীসকলক সঠিক দিশ নিৰ্ধাৰণ কৰাত সহায় কৰিব।  বিশেষকৈ তথ্যৰ অভাৱত থকা গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে এনে পদক্ষেপ অতি উপকাৰী আৰু পথ প্ৰদৰ্শক হ’ব।

বৰ্তমান যুগত শিক্ষাগত অৰ্হতা আৰু প্ৰয়োজনীয় দক্ষতা থাকিলেও বহু যুৱক-যুৱতীয়ে চৰকাৰী বা ব্যক্তিগত খণ্ডত আশা অনুযায়ী নিযুক্তি লাভ কৰিব নোৱাৰা এক গুৰুতৰ সামাজিক সমস্যা হৈ পৰিছে। ইয়াৰ ফলত নিবনুৱা সমস্যাই ৰাজ্যখনত গভীৰ ৰূপ লৈছে। এনে পৰিস্থিতিত “যুৱ সংসদ” উপসমিতিয়ে শিক্ষাৰ্থীসকলক এই কথাটো বুজাই দিব লাগে যে কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি জীৱনৰ লক্ষ্য পূৰণ কৰা সদায় সম্ভৱ নহয়। চাকৰিৰ উপৰিও সৰু-বৰ উদ্যোগ, আত্মনিৰ্ভৰ ব্যৱসায়-বাণিজ্য, নতুন উদ্যোগ বা ষ্টাৰ্ট-আপৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হোৱাৰ লগতে আনৰ বাবে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব পাৰি। এই সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি, স্ব-সহায়ক গোট, ঋণ সুবিধা আদি বিষয়ত তথ্য প্ৰদান কৰিবলৈ “যুৱ সংসদ” উপসমিতিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰা অতি প্ৰয়োজনীয়।

অসম সাহিত্য সভাৰ পূৰ্ণাংগ আৰু বাৰ্ষিক অধিবেশনসমূহত যদি কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিয়ে কেৰিয়াৰ বিষয়ক কৰ্মশালা , আলোচনা চক্ৰ আদি নিয়মিতভাৱে আয়োজন কৰে, তেন্তে সেয়া এক সময়োপযোগী আৰু দূৰদৰ্শী পদক্ষেপ হ’ব। লগতে বছৰৰ বাৰ মাহে কেৰিয়াৰ বিষয়ক ৱেবিনাৰ আয়োজন কৰিলে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু যুৱসমাজ উপকৃত হ’ব।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় “যুৱ সংসদ” উপসমিতিয়ে যদি সাহিত্যচৰ্চাৰ উপৰিও শিক্ষাৰ্থী আৰু যুৱসমাজৰ কেৰিয়াৰ গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে, তেন্তে ই কেৱল শিক্ষিতেই নহয়, দায়িত্বশীল, সচেতন আৰু আত্মনিৰ্ভৰ নাগৰিক গঢ়ি তোলাত সমাজলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।

ফোন: ৯৪৩৫১৮৮৬৩০

www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.