শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধবনিয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্ৰাৰ্থনাৰে ভক্তসকলে দেৱী দুৰ্গাৰ চৰণত পূজা-অৰ্চনা আগবঢ়ায়। সপ্তমীৰ দিনটোত দেৱী দুৰ্গাক কালৰাত্ৰিৰ ৰূপত আৰাধনা কৰা হয়। গুৱাহাটী মহানগৰীৰ চাৰি শতাধিক পূজাথলীত শাৰদীয় পূজা উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পূজাথলীসমূহৰ লগতে দোকান-বজাৰসমূহতো অগণন লোকৰ সমাগম পৰিলক্ষিত হৈছে। মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিয়ে জগন্নাথ পুৰী, আঠগাঁও পূজা সমিতিয়ে মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থ, পাণ্ডুৰ ৰেষ্ট কেম্প পূজা সমিতিয়ে জয়পুৰ দুৰ্গ আদিৰ আৰ্হিৰে নিৰ্মাণ কৰা পূজা মণ্ডপে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ ধীৰে পাৰাৰ পূজাস্থলীত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ শাৰদীয় পূজাৰ সপ্তমী উপলক্ষে আজি উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এইবেলি জিলাখনত ১৩৬ খন পূজা মণ্ডপত পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ পূজা মণ্ডপসমূহত পুৱাৰ ভাগত সপ্তমী পূজা সমাপন কৰা হয়। অৱশ্যে তিথি অনুযায়ী নেপালী মন্দিৰ পূজা সমিতিয়ে বিয়লিৰ ভাগত অষ্টমী পূজাও সমাপন কৰি অঞ্জলি প্ৰদান কৰে। জিলাখনৰ ৰংজুলি পূজা সমিতিয়ে বিজয়া দশমীৰ দিনা পূৰ্বৰ দৰে ৰাৱণ বধৰ কাৰ্যসূচী গ্ৰহণ কৰিব। ইপিনে, ৰাজ্যৰ অন্যান্য জিলাসমূহতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন কৰা হৈছে। ৰাজহুৱা পূজাৰ লগতে ব্যক্তিগতভাৱেও ভালেসংখ্যক পূজাৰ আয়োজন কৰা হৈছে। ইতিহাস প্রসিদ্ধ দেৱালয়সমূহতো নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। দৰং জিলাৰ মুঠ ৫খন আৰক্ষী থানা এলেকাত আয়োজন কৰা প্ৰায় ২০০খন ৰাজহুৱা পূজাস্থলিত আধ্যাত্মিকতাৰ সৈতে সৃষ্টিশীল কলা আৰু আধুনিকতাৰ সমাহাৰ ঘটাই ভক্তপ্ৰাণ ৰাইজ আৰু দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰা হৈছে। এই পূজা মণ্ডপসমূহৰ উপৰি জিলাখনৰ ঐতিহাসিক পদ্মা থানৰ লগতে মন্দিৰ, দেৱালয়সমূহ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ স্তুতি তথা মংগল ধ্বনিৰে মুখৰ হৈ পৰিছে। জিলা সদৰ মঙলদৈত থকা কোচ ৰজাৰ তিনিখন হাউলীত ৪০৮ বছৰীয়া ঐতিহ্য আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি দুৰ্গা পূজা পালন কৰা হয়। ইয়াৰে গাখীৰখোৱা হাউলীত আজি পৰম্পৰাগত ৰীতি-নীতিৰে সপ্তমী পূজা পালন কৰা হয়। কৰিমগঞ্জ জিলাৰ মাৰ্জাকান্দিত পৰম্পৰাগত ৰীতি-নীতিৰে সাৰ্বজনীন দুৰ্গা পূজা উদযাপন কৰা হৈছে। ১০৫ বছৰত ভৰি দিয়া সাৰ্বজনীন দুৰ্গা পূজাত এইবাৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বাক্সা জিলাৰ বিভিন্ন পূজা মণ্ডপসমূহতো সপ্তমী পূজা সম্পন্ন কৰা হয়। জিলাখনৰ ডুমুনীত অনুষ্ঠিত ৭৭ সংখ্যক সার্বজনীন দুর্গা পূজা মহোৎসৱত ভক্তপ্ৰাণ ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে সপ্তমী পূজাৰ সেৱা গ্ৰহণ কৰে। কাৰ্যসূচী অনুসৰি পুৱা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তম্যাদী কল্পাৰম্ভ আৰু সপ্তমী বিহিত পূজা অনুষ্ঠিত কৰা হয়।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg