31.3 C
Guwahati
Wednesday, October 29, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ এগৰাকী প্ৰচাৰবিমুখ কাৰ্বি জনজাতীয় যুৱ কণ্ঠশিল্পী ৰাজু ৰংপীৰ কথাৰে Video

    বিশ্বনাথৰ এগৰাকী প্ৰচাৰবিমুখ কাৰ্বি জনজাতীয় যুৱ কণ্ঠশিল্পী ৰাজু ৰংপীৰ কথাৰে

    অসম খবৰ , ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , বিশ্বনাথ চাৰিআলি , ১৫ জানুৱাৰী ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ একেবাৰে ভিতৰুৱা গাওঁৰ প্ৰচাৰ বিমুখ যুৱ কণ্ঠ শিল্পী ৰাজু ৰংপী ৷

    সংগীতৰ প্ৰতি অগাধ অনুৰাগ থকা যুৱক ৷

    সৰু কালৰে পৰা সংগীতৰ সাধনা কৰি উজলি উঠিছে বিশ্বনাথৰ কাৰ্বি জনজাতিৰ যুৱ কণ্ঠশিল্পী ৰাজু ৰংপী ৷

    ১ নং দিল্লীচাং গাওঁৰ নিবাসী খৰসিং ৰংপী আৰু মাতৃ মীৰা টকবীপিৰ পুত্ৰ ৰাজু ৰংপী সম্প্ৰতি Karbi Anglong Singing Suparstar Online Audition ৰ ৩০০০ হেজাৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা তাৰে ভিতৰত প্ৰথম স্থানত নিৰ্বাচিত ৬ গৰাকী ভিতৰত স্থান দখল কৰা প্ৰতিযোগী কণ্ঠ শিল্পী
    ৷ চুড়ান্ত স্থান নিশ্চিতৰ বাবে ইতিমধ্যে ভোট গ্ৰহনো সম্পন্ন হৈ যায় ৷ এতিয়া মাথো অপেক্ষা ৷

    লাখ লাখ সংগীত প্ৰেমী লোকে অপেক্ষাৰত কোন হব Karbi Anglong Singing Superstar ৰ মহানায়ক ৷ উল্লেখ্য যে ৰাজু ৰংপীৰ সুললিত কণ্ঠই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ৷

    বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে উৎসৱ পাৰ্বনৰ উপৰিও দল সংগঠনৰ মঞ্চৰ কাৰ্যসুচীতো নিমন্ত্ৰিত হৈ গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰিছে ৷ কোনো ধৰণৰ আনুষ্ঠানিকতা শিক্ষা তথা প্ৰশিক্ষণ গ্ৰহন নকৰাকৈ তেওঁৰ সুললিত সুৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় ৷

    স্ব- সাধনাত উদ্ভাসিত হোৱা ৰাজুয়ে কাৰ্বি ,আদিবাসী , বড়ো , আৰু অসমীয়া ভাষাত গীত পৰিবেশন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

    এই গৰাকী যুৱ কণ্ঠশিল্পী গৰাকীৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয় ৷ কোনোমতে তেওঁৰ পিতৃয়ে হাজিৰা আদি কৰি পৰিয়ালটিক পোহপাল দি আছে ৷ ২০০১ চনৰ ৭ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰাজুয়ে স্থানীয় দিলীচাং প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি পৰ্যায়ক্ৰমে চতিয়া হাইস্কুলত দশম মানলৈ পঢ়ি শিক্ষা জীৱন সমাপ্ত কৰিবলগীয়া হয় ৷

    আৰ্থিক সংকটৰ বাবে আগলৈ আৰু পঢ়া নহল ৷

    আৰ্থিক অৱস্থাই কোঙা কৰা পৰিয়ালটিয়ে পুত্ৰৰ মনোকামনা পুৰণ কৰিব পৰা নাই ৷

    আনকি সংগীতৰ প্ৰতি প্ৰৱল ধাউতি থকা পুত্ৰৰ বাবেও সামান্য কিছু সুবিধা দিব পৰা নাই পিতৃ মাতৃয়ে ৷

    যদিও ৰাজুয়ে ভাগি পৰা নাই ৷

    নিজৰ মনোশক্তি আৰু একান্ত চেষ্টাৰ বাবেই নিৰৱে সংগীতৰ সাধনা অব্যাহত ৰাখিছে ৷

    এতিয়া পৰিয়ালৰ মাথো এটাই আহ্বান ; চৰকাৰ তথা দল , সংগঠন , অথবা অনুষ্ঠান -প্ৰতিষ্ঠানে সহায় সহযোগিতা আগবঢ়ালে কিছু হলেও আগবাঢ়ি যাব আৰু দুৰ্ভগীয়া পৰিয়ালটিৰ প্ৰতি সকাহ দিয়া হব ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds