31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    বিজুলী বিভাগৰ চুড়ান্ত দায়িত্বজ্ঞানহীনতা

    ♦ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ, অসম খবৰঃ
    ৰঙিয়া মহকুমাৰ অন্তৰ্গত হেমদোল গাঁওত বিজুলী বিভাগৰ দায়িত্বজ্ঞানহীনতা পুনৰবাৰ উন্মোচিত হৈছে। বাসগৃহৰ ওপৰেদি যোগান ধৰিছে সক্ৰিয় বিদ্যুৎ পৰিবাহী তাঁৰ। বিদ্যুৎ বিভাগৰ ৰঙিয়া ২ নং বৈদ্যুতিক উপ-সংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবেই অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে।

    বিজুলী পোষ্ট সমুহৰ উচ্চতা মাত্ৰ দহ বাৰ ফুটমান হোৱাৰ ফলত পথটোৰে নিতৌ অহা-যোৱা কৰা পথচাৰিৰ গাত উক্ত বিদ্যুত পৰিবাহী তাৰ লাগি যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকাই দেখা দিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ ইমানৰ পিচতো যেন ঘোৰ নিদ্ৰাত।

    স্থানীয় ৰাইজে অভিযোগ কৰা মতে বহুবাৰ বিভাগীয় কাৰ্যালয়ক অৱগত কৰিছে যদিও আজিলৈকে কোনো ব্যৱস্থা কৰাৰ কথা বাদেই, ঠাইডোখৰত উপস্থিতেই নহ’ল এজনো বিষয়া কৰ্মচাৰী। যদিহে কিবা অঘটন হয় অকৰ্মণ্য বিদ্যুৎ বিভাগটো সম্পূৰ্ণ দায়ী হʼব বুলি ৰাইজে জনাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds