31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বকতাৰ মহখুটি চাহ বাগিচাত ধন দাবীত জড়িত দুই ভুৱা সাংবাদিকক আটক

    Two fake journalists involved in money claim arrested in Bokota Mohkhuti Tea Garden
    ■ শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ
    ●শিৱসাগৰ জিলা বকতাৰ মহখুটি চাহ বাগিচাত আজি আটক কৰা হয় দুগৰাকী ভুৱা সাংবাদিকক।

    বকতা মহখুটি চাহ বাগিচাত শনিবাৰে কভিড প্ৰটকলৰ বাতৰি সংগ্ৰহ কৰি বাগিছাখনৰ স্বত্বাধিকাৰীক ধন দাবী কৰিছিল। নিজকে এই দুই ভুৱা সাংবাদিকে নিজকে ৱেব পৰ্টেল সাংবাদিক বুলি পৰিচয় দিছিল মহখুটি চাহ বাগিচাৰ স্বত্বাধিকাৰীক।বাগিচাৰ স্বত্বাধিকাৰীয়ে চল চাতুৰিয়ে মাতি পঠালে সোমবাৰে।

    এই দুই ভুৱা সাংবাদিক ক্ৰমে কৌশিক দে’ আৰু অনুজ মাৰ্জি বুলি জানিব পৰা গৈছে।

    সোমবাৰে মাতি পঠোৱাৰ দৰেই এই দুই ভুৱা সাংবাদিক আহিল মহখুটি চাহ বাগিচালৈ।কিন্তু এই দুই ভুৱা সাংবাদিকৰ ভাগ্য আছিল বেয়া।

    ধন নিবলৈ বাগিছাৰ স্বত্বাধিকাৰীয়ে মাতি পঠালে ঠিকেই কিন্তু বাগিছাৰ স্বত্বাধিকাৰীয়ে খবৰ দিছিল নেমুগুৰি আৰক্ষী চকীকো। ধন নিবলৈ আহি এই দুই ভুৱা সাংবাদিক পৰিল আজি ৰাইজৰ ৰোষত।

    নেমুগুৰি আৰক্ষীয়ে দুই ভুৱা সাংবাদিকক ধন নিবলৈ আহোতে স্থানীয় ৰাইজৰ সহযোগত আজি আটক কৰে মহখুটি চাহ বাগিছাৰ পৰাই।

    এই দুই ভুৱা সাংবাদিকে AS-04 V-8926 নম্বৰৰ এখন স্কুটিত PRESS লিখি আহিছিল মহখুটি চাহ বাগিছালৈ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.