- একে নিশাই ৯ টাকৈ গৰু চুৰি
- বগৰীবাৰী আৰক্ষীৰ অভিযানত চাৰি টাকৈ চোৰাং গৰু জব্দ
- গৰু চুৰিৰ সন্দেহত এজন দুজনক নহয়, তিনি জনক আটক কৰি জোৰদাৰ তদন্ত অব্যাহত
বিলাসীপাৰাৰ পৰা আলী আজাত ইছলাম: দীৰ্ঘ দিনৰ পৰা বিটিচিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত অবৈধ চোৰাং গৰু সৰবৰাহৰ সততে অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে যোৱা নিশা বগৰীবাৰী আৰক্ষী থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌশিক দলে দায়িত্ব লোৱাৰ পিছৰে পৰা চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে মাৰাথন অভিযান চলোৱা পৰিলক্ষিত হৈছে।
যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত টেকুনা গাঁৱৰ পৰা চাৰি টাকৈ চোৰাং গৰু সহ আয়নুদ্দিন সেখ নামৰ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি থানা লৈ আনি তদন্ত অব্যাহত ৰাখিছে।
ইপিনে বগৰীবাৰী আঙাৰকাটা শিঙিমাৰী গাঁৱৰ পৰা গৰু চুৰিৰ অভিযোগত ৰফিক আলী আৰু ৰবুল হকক আটক কৰি তিনি দিন ধৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌশিক দলে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।



