31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    পৰ্বতঝোৰাৰত বাল্য বিবাহ, মদ, ড্ৰাগছ, গাঞ্জা, আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

    বিলাসীপাৰা সমজিলাৰ পৰা আলী আজাত ইছলামঃ
    পৰ্বতঝোৰাৰ বগৰিবাৰী আৰক্ষীৰ সহযোগত ৰাজাপাৰা প্ৰথম খণ্ড গাঁৱৰ গাওঁ আৰক্ষী বাহিনীৰ উদ্যোগত বাল্য বিবাহ, মদ, ড্ৰাগছ, গাঞ্জা, জুৱা, শিশু-নিৰ্যাতন আদিৰ লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰে। উক্ত সভাত পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী বিষয়াই ৰাইজক ধঁপাত তথা ড্ৰাগচৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱ প্ৰজন্মৰ বাবে সজাগতামূলক ভাষণ প্ৰদান কৰে।

    এই সজাগতামূলক অনুষ্ঠানত ৰাইজক মদখোৱা, গাঞ্জাখোৱা, জুৱা, শিশু নিৰ্যাতন, বাল্যবিবাহ আৰু ড্ৰাগচমুক্ত সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, সমাজ কৰ্মী সেখ মুনছুৰ আলী, সমাজ সেৱক নুৰ ইছলাম মণ্ডল, বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মী, গাওঁ আৰক্ষী বাহিনীৰ সদস্য, সদস্যা সকলৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজৰ লগতে বহুত গণ্য মান্য ব্যক্তিয়ে সজাগতা সভাৰ অনুষ্ঠানত অংশগ্ৰহন কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds