31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত কৰ্মচাৰী প্ৰতিবাদ

    নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত কৰ্মচাৰী প্ৰতিবাদ

    সদৌ অসম পঞ্চায়ত-উন্নয়ন ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত পৰিষদৰ সপ্তাহজোৰা অৱস্থান ধৰ্মঘট।
    সদৌ অসম পঞ্চায়ত-উন্নয়ন ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত পৰিষদৰ সপ্তাহজোৰা অৱস্থান ধৰ্মঘট বিভিন্ন দাবীত কালিৰেপৰা আৰম্ভ কৰিছে।

    লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্মৰত হৈ অহা গ্ৰাম ৰোজগাৰ সহায়ক, গাঁও পঞ্চায়ত কো-অৰদিনেটৰ, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, এক্ৰিডেটেড ইঞ্জিনিয়াৰ, বি পি এম আদি কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে যদিও আজিকোপতি চৰকাৰে চাকৰি নিয়মীয়া কৰি কামৰ বিনিময়ত প্ৰাপ্ত দৰমহা দিয়াৰ ব্যৱস্থা কৰা নাই। সেয়েহে কালি পুৱা ১০ বজাৰ পৰা নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী সপ্তাহজোৰাকৈ আৰম্ভ কৰিছে।


    কৰ্মৰত কৰ্মচাৰীসকলৰ দাবীসমূৰ ভিতৰত ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা,সকলো কৰ্মচাৰীৰ আৰ.অ’. পি. ৰ ব্যৱস্থা কৰা,সকলো কৰ্মচাৰীৰ সম কাম আৰু সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা যোগ্যতা অনুসৰি ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই বিষয়ত হস্তক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

    নাৰায়ণপুৰৰ পৰা
    জয়ন্ত কুমাৰ হাজৰিকাৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds