31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নাৰায়ণপুৰৰ মেৰমুখত অসম দিৱস উদযাপন

    নাৰায়ণপুৰৰ মেৰমুখত অসম দিৱস উদযাপন

    অসমত ছশ বছৰীয়া আহোম সাম্ৰাজ্য প্ৰতিষ্ঠাপক তথা ঐক্য সংহতি আৰু সমন্বয়ৰ বৰ অসমৰ ভেটি গঢ়োতা আছিল স্বৰ্গদেউ চাওলুং চুকাফা।

    লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিভিন্ন অনুষ্ঠানৰ লগতে মেৰমুখ অঞ্চলৰ নেৰীয়পথাৰ গ্ৰামোন্নয়ন সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় উক্ত অসম দিৱস। উক্ত দিৱসৰ উপলক্ষে পুৱা পতাকা উত্তোলন, স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলী কৰা হয়। ইয়াৰ পিছতে শিশু-কিশোৰসকলৰ মাজত সাংস্কৃতিক অনুষ্ঠান আৰু দুপৰীয়া মুকলি সভাখনি মেৰমুখ বাৰেচহৰীয়া উন্নয়ন সভাৰ সভাপতি নিত্যানন্দ চাৰিংগীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয়।

    আদৰণী সমিতিৰ সম্পাদক মাধৱ ফুকন আৰু ধৰ্মেশ্বৰ ফুকনে আঁত ধৰা উক্ত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই মুখ্য অতিথি, অৱসৰী শিক্ষক জীৱন ভূঞা, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ বৰ্ণালী বৰা, ফুলনিখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনন্ত শইকীয়াই বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰা সভাখনি উদ্বোধন কৰে দুলীয়াপথাৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ ফুকনে। উপৰোক্ত বক্তাসকলে চুকাফা দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে।
    নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds