Monday, June 16, 2025
32.1 C
Guwahati
TOP NEWS:

নলবাৰী বালিকৰিয়া বাসুদেৱ দেৱালয় প্ৰাংগনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

নলবাৰী: ফইজুল হক চৌধুৰী,৬ আগষ্ট:

নলবাৰী জিলাৰ বালিকৰিয়া বাসুদেৱ দেৱালয় প্ৰাংগনত আবেলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় । শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু বালিকৰিয়া ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা । বিগত ২৬ জুলাই তাৰিখে শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী অনন্ত বল্লভ শৰ্মাৰ দেহৱসান ঘটে । সেইমৰ্মে আজি আবলি বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে শ্ৰী শ্ৰী বালিকৰিয়া বাসুদেৱ দেৱালয়ৰ প্ৰাংগনত বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী অনন্ত বল্লভ শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় । কাৰ্যসূচী অনুষ্ঠিত বিয়লি ভাগত প্ৰয়াত অনন্ত বল্লভ শৰ্মাৰ পৰিয়ালবৰ্গৰ দ্বাৰা তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হয় । তদুপৰি এই কাৰ্যসূচীৰ পিছতে গীতা পাঠ আৰু বৰগীত পৰিৱেশন কৰা হয় । আনহাতে আবেলি স্মৃতিচাৰণ সভাৰ লগতে সন্ধিয়া নাম-প্ৰসংগৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । আজিৰ এই কাৰ্যসূচীত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি দীপক চৌধুৰী,সাধাৰণ সম্পাদক হৰিহৰ শৰ্মা সহ ভালে কেইগৰাকী বিশিষ্ট অতিথিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

- Advertisement -

Hot this week

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.1 ° C
29.1 °
29.1 °
76 %
0.8kmh
100 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °