♦ নলবাৰী : বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো বহু বছৰ নোহোৱা হৈছিল । অসম আন্দোলনেহে তেওঁক অনন্য ৰূপত উলিয়াই আনিলে । তেওঁৰ বিপ্লৱী গীত মাতে আন্দোলনটোক বৰকৈ উজ্জীৱিত কৰিছিল । পৰৱৰ্তী সময়ত চৰকাৰেও অৱশ্যে তেওঁক চিনি পালে আৰু তেওঁৰ নাম লৈ চৰকাৰে সুনাম আৰ্জিবলৈ ধৰিলে ।
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰীৰ নৱ প্ৰতিষ্ঠিত নিউক্লিয়াছ একাডেমিৰ সহযোগত ২০ জুনত আয়োজিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত স্মাৰক বক্তৃতা প্ৰদান কৰি বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই এইদৰে কয় । ৰাভাৰদৰে মনীষীক স্মৰণ কৰিব নোৱাৰিলে আমাক মহা দোষে চুব বুলি দোহাৰি ৰাভাৰ চিন্তাক বাস্তৱায়িত কৰিব পাৰিলেহে অসম আগুৱাই যাব বুলিও ভাষণ প্ৰসংগত কয় । নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত হোৱা এই অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই ভাষণ আগ বঢ়াই কয় যে, স্বাধীনতা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হৈছিল । সেই কালত তেওঁৰ ৰচিত বহু গুৰুত্বপূৰ্ণ লেখা সিঁচৰতি হৈ থাকিল । ৰাভাৰ সমস্ত লেখা আজিও প্ৰকাশ হোৱা নাই ।
সেয়া আমাৰ বাবে অতি পৰিতাপৰ বিষয় । নিউক্লিয়াছ একাডেমিত পালন কৰা এই দিৱসৰ কাৰ্যসূচীৰ আঁত ধৰাৰ লগতে অনুষ্ঠান আয়োজনৰ উদ্দেশ্য নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিৱৰি কয় । ইয়াৰ পূৰ্বে নিউক্লিয়াছ একাডেমিৰ শৈক্ষিক সমন্বয়ক অসীমজ্যোতি কলিতাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি দিয়া ভাষণত কয় যে, বিষ্ণুপ্ৰসাদ ৰাভাক কেৱল কলাগুৰু বুলি কমকৈ সন্মান জনোৱা যেন ভাব হয় । আমাৰ শিক্ষা পদ্ধতিত শিক্ষাৰ্থীয়ে তেওঁৰ বিষয়ে জনাৰ কোনো ব্যৱস্থা নাই ।
তেওঁ আগ বঢ়োৱা অৱদানৰ আমি মূল্য দিব পৰা নাই । বিষ্ণুপ্ৰসাদ ৰাভাই ইউৰোপত জনম লভিলে হয়তো লিওনাৰ্দো ভিন্সিৰদৰে জগৎ বিখ্যাত হ’লহেঁতেন বুলিও শিক্ষাব্ৰতীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । অনুষ্ঠানতলেখিকা কবিতা ডেকা তালুকদাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ডঃ অনুপম কলিতা আৰু জয় চন্দ্ৰ শৰ্মা, কাৰ্যালয় সম্পাদক মৃন্ময় শৰ্মা, জিলা সভাৰ প্ৰকাশন উপ সমিতিৰ সদস্য ডঃ উৎপল ডেকা, সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক শেৱালি কাকতী, নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱকান্ত তালুকদাৰ, আৰ্য সাহিত্য সভাৰ সম্পাদক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু উপ সভাপতি বিপুল চক্ৰৱৰ্তী, শিক্ষাব্ৰতী পাৰুল দেৱী গোস্বামী, সাহিত্যসেৱী নৱদীপ বৰকটকী আৰু তপন তালুকদাৰে বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কবিতা আবৃত্তি আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এই দিৱস আয়োজনত নিউক্লিয়াছ একাডেমিয়ে আগ বঢ়োৱা সহযোগিতাক কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰাৰ পাছত অসম সংগীত পৰিৱেশনেৰে দিৱসৰ কাৰ্যসূচী সামৰা হয় ।
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



