♦ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ১১ জুলাইত ওজাপালি লোকসংস্কৃতিৰ এগৰাকী একনিষ্ঠ ধাৰক–বাহক, বিশিষ্ট ডাইনাপালি প্ৰভাত হালৈৰদ্বাৰা ৰচিত আৰু নলবাৰী জিলা সাহিত্য সভাই প্ৰকাশ কৰা ’বন্দনামালা’ আৰু ‘লোককলাৰ সাঙী’ নামৰ দুখন পুথি উন্মোচন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত এই উপলক্ষে আয়োজিত সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । ‘বন্দনামালা’ পুথিখন অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই আৰু ‘লোককলাৰ সাঙী’ নামৰ পুথিখন উন্মোচন কৰে চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সভাত সমৱেত সকলোলৈ সম্ভাষণ জ্ঞাপন কৰি অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কয় ।
অনষ্ঠানত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা আৰু সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লয় । নলবাৰী জিলাৰ বেলশৰৰ নিৱাসী বিশিষ্ট ডাইনাপালি প্ৰভাত হালৈৱে ওজাপালিৰ গুৰুত্বপূৰ্ণ অংশ ডাইনাপালি হিচাপে আত্মনিয়োগ কৰা আৰু পৰৱৰ্তী সময়ত এই বিষয়ত পুথি প্ৰণয়ন কৰা সন্দৰ্ভত বিৱৰি কয় । তেওঁ ওজাপালিৰ পদো আওৰাই সভাত থকাসকলক বাৰুকৈয়ে আপ্লুত কৰে । নলবাৰীৰ বিশিষ্ট চিকিৎসক ডাঃ কামেশ্বৰ লহকৰে অনুষ্ঠানত ভাগ লৈ ডাইনাপালিগৰাকীলৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয় । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক বৃন্দ গীতেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ সন্মুখত থকা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তিৰ সন্মুখত বেলশৰৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ দীক্ষিতা দেৱীয়ে আৰু বিশিষ্ট শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিৰ সন্মুখত নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিৱেদন কৰে ।
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশিষ্ট ডাইনাপালি প্ৰভাত হালৈৰ লোককলাৰ পুথি উন্মোচন
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



