31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    নদীৰ বক্ষ খননৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ

    গৰাখহনীয়া ৰোধ কৰিবৰ বাবেই জীয়াভৰলী নদীত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে চলাব নদীখনৰ খনন কাৰ্য৷ ইতিমধ্যে জীয়াভৰলী নদীৰ বক্ষ খননৰ বাবে নদীৰ পাৰত নমোৱা হৈছে .

    মুম্বাইৰপৰা অনা বৃহৎ অত্যাধুনিক যন্ত্ৰাংশ৷নদীখনৰ খননকাৰ্য চলাই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বাবে উৎফুল্লিত হৈ পৰিছে নৈপৰীয়া লোকসকল৷ক্ৰমাৎ বাম হৈ পৰা জীয়াভৰলী নদীখন খননৰ ফলত নদীৰ পানীৰ গভীৰতা বৃদ্ধি হ’লে নদীখনৰ ভয়াবহ খহনীয়া ৰোধ হ’ব৷অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা জীয়াভৰলী নদীৰ খহনীয়াৰ ফলত ইতিমধ্যে জামুগুৰিহাটৰ নদীপৰীয়া লোকসকলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি,ঘৰ-মাটি,কেবাখনো গাঁও নদীখনৰ বুকুত জাহ গৈ বিলীন হৈ গৈছে৷

    এইবাৰো বাৰিষাৰ বতৰত জীয়াভৰলী নদীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলবাসীলৈ ভাবুকী কঢ়িয়াই অনাৰ লগতে কৃষিবান্ধো চিঙি লৈ গৈছিল৷তাৰপিছতেই বিধায়ক পদ্ম হাজৰিকাৰ আমন্ত্ৰণমৰ্মে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হৈ নদীখনৰ খহনীয়া ৰোধৰ বাবে নদীখন খন্দাৰ কথা ঘোষণা কৰিছিল৷উল্লেখ্য যে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সমুহ খন্দাৰ বাবে চৰকাৰীভাৱে লোৱা সিদ্ধান্তসমুুহৰ প্ৰথমটো কাৰ্যসুচী হিচাপে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়াভৰলী নদীতেই সৰ্বপ্ৰথমে নদী খনন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত নদীখনে সৃষ্টি কৰা গৰাখহনীয়াৰ কবলৰপৰা মুক্ত হ’ব পাৰিব বুলিয়েই যথেষ্ট আশা পুহি ৰাখিছে নৈপৰীয়া লোকসকলে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds