31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    টিহুত অগপৰ মাণ্ডলিক বুথ সন্মিলন সম্পন্ন

    ● টিহু : “বিজেপি~অগপ মিত্ৰজোঁটে অসমত পুনৰ চৰকাৰ গঠন কৰাটো একশ শতাংশই নিশ্চিত । ৰাজ্যখনৰ দ্ৰুত উন্নয়ন আৰু দুৰ্নীতিমুক্ত এখন অসম গঢ়াৰ বাবেই ৰাইজে বিজেপি–অগপৰ মিত্ৰজোঁটক পুনৰ আদৰি ল’ব ।” অগপ নেতা অমিয় কুমাৰ দাসে ২৮ ফেব্ৰুৱীৰীত টিহুত অগপৰ এখন দলীয় সভাত এইদৰে কয় । অগপৰ পাটাছাৰকুছি বিধান পৰিষদৰ অন্তৰ্গত টিহু নগৰ পৰিষদ, মথুৰাপুৰ, মাখিবাহা, জলখানা ভঠুৱাখানা পঞ্চায়ত পৰিষদৰ যৌথ উদ্যোগত আৰু পাটাছাৰকুছি বিধান পৰিষদৰ সহযোগত টিহুৰ হাটখলাত অনুষ্ঠিত মাণ্ডলিক বুথ সন্মিলনত ভাষণ আগবঢ়াই অগপ নেতা দাসে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

    টিহুত অগপৰ মাণ্ডলিক বুথ সন্মিলন সম্পন্ন

    অগপৰ টিহু নগৰ পৰিষদৰ সভাপতি চাণক্য চৰণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ভাষণ আগবঢ়াই অগপ নেতা ডঃ ৰঞ্জিত ডেকাই তৃণমূল পৰ্যায়ৰ অগপ কৰ্মীসকলক অগপৰ নীতি আদৰ্শ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায় । তেওঁ অগপ দলক ব্ৰহ্মপুত্ৰ নদীৰ দৰে বিশাল বুলি অভিহিত কৰি এই দলে সকলোৰে আশা আকাংক্ষা পূৰণ কৰিব বুলি মন্তব্য কৰে । ভাষণ প্ৰসংগত তেওঁ অসম আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি অসম চুক্তি স্বাক্ষৰৰ পাছত অগপ দল জন্ম হোৱাৰ ইতিহাস দোহাৰে । ভাষণ প্ৰসংগত তেওঁ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে । স্থানীয় অগপ নেতা লোহিত কলিতাই আঁত ধৰা আৰু পাটাছাৰকুছি বিধান পৰিষদৰ সম্পাদক বুবুল হাজৰিকাই উদ্দ্যেশ্য ব্যাখ্যা কৰা সভাত অগপৰ সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী তথা বিশ্ৰুত কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে নিৰ্বাচনত মহিলাসকলে নিৰ্ণায়ক ভূমিকা ল’ব লাগে বুলি উনুকিয়াই মহিলাসকলক ৰাজনীতিলৈ আহিবলৈ মুকলি আহ্বান জনায় । তেওঁ সভাত কেইবাটাও গীতো পৰিৱেশন কৰে । সভাত আন এগৰাকী অগপ নেতা বাণী কলিতাই প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাই সঘনাই দল সলনি কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে । অঞ্চলটোৰ কেবাশ লোক উপস্থিত থকা সভাত অগপ নেতা ধৰ্মেশ্বৰ ৰয়, ধ্ৰুৱজ্যোতি দত্ত আদিয়ে ভাষণ আগবঢ়োৱাৰ লগতে পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি জিন্টু চৌধুৰী, অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ সম্পাদিকা বন্তি পাঠক আদি অগপৰ নেতৃবৃন্দ উপস্থিত থাকে ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds