31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    জ্যোতিকুছি আৰু ৰিহাবাৰীস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ৰ বাৰেবৰণীয়া অনুষ্ঠান

    গুৱাহাটীঃ আজি জ্যোতিকুছি আৰু ৰিহাবাৰীৰ আৰ্যনগৰত অৱস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ দুয়োখনৰ একত্ৰিত হৈ বাৰ্ষিক দিৱসৰ পালন কৰা হয়৷ অনুষ্ঠানটো অনুষ্ঠিত হয় মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক ডঃ অভিজিত দত্তদেৱ৷

     

    তেওঁৰ লগত দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষিয়িত্ৰী ক্ৰমে শোমা বিশ্বাস আৰু মালবিকা দাসো উপস্থিত থাকে৷ অনুষ্ঠানটোত উপস্থিত থাকি দত্তদেৱে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি, বৰ্তমান সময়ত অভিভাৱকৰ শিশুৰ প্ৰতি ল’ব লগা শাৰীৰিক আৰু মানসিক যতন আৰু শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ লগত থকা সম্পৰ্কৰ বিষয়ে এক সাৰুৱা ভাষণ আগবঢ়ায়৷


    অনুষ্ঠানটোত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-নাটক-নৃত্যৰ পৰিৱেশন কৰি অনুষ্ঠানটোক বৰ্ণাঢ্য ৰূপ দিয়াৰ লগতে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে৷ অনুষ্ঠানৰ শেষত দুয়োখন স্কুলৰ শিক্ষয়িত্ৰীসকলে পৃথকে পৃথকে কৰা শাস্ত্ৰীয় নৃত্যই দৰ্শকসকলৰ লগতে অনুষ্ঠানটোৰ সোণত সুৱগা চৰায় আৰু ছাত্ৰ-ছাত্ৰীসকলকো প্ৰেৰণা যোগায়৷ অনুষ্ঠানটিৰ আঁত ধৰে ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ জ্যোতিকুছিৰ শিক্ষয়িত্ৰী শ্ৰীমতী পাপিয়া ঘোষ আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰিয়াংশু সেন, মাহী গুপ্তা, অৰ্ণৱ দেৱনাথ, লাকী হালৈয়ে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds