শেহতীয়া আপডেটঃ

জেউতি আলয়’ৰ প্রথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ প্ৰাঙ্গনত জন্ম লাভ কৰা বেচৰকাৰী অনুষ্ঠান ” জেউতি আলয় ” প্ৰথমটি প্ৰতিষ্ঠা দিৱস ২১ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড়ৰস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে সফল ৰূপায়ন কৰা হয়। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপনৰ পাছত ১০ বজাত মুকলি সভা অনুষ্ঠিত হয়।উক্ত সভাখনিৰ উদ্ধোধন কৰে জেউতি আলয়ৰ উপদেষ্টা বীৰেন বৰুৱাই। সভাপতি তীৰ্থ বৰাৰ আসন গ্ৰহণৰ পাছতেই বিশিষ্ট অতিথিৰ সম্বৰ্ধনা তথা শ্ৰদ্ধা নিবেদন জনোৱাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জেউতি আলয়ৰ সম্পাদক বিন্দু গগৈয়ে। সভাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ শশীকান্ত শইকীয়া , আনহাতে কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা সমাজসেৱী ড০ চুলতানা হাজৰিকা , সমাজকৰ্মী তথা বিহু সুৰক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক কৃপাল ফুকন, অসম সাহিত্য সভাৰ “সংবাদ” কাকতৰ সম্পাদক গৌতম গগৈ, সু-চিকিৎসক ডা০ উৎপলা বৰুৱা, গীতিকাৰ সুৰকাৰ মহানন্দ গগৈ, ইউনিয়ন বেঙ্কৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক সমাজ কৰ্মী নগেন মাক্ৰাৰী, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইক জেউতি আলয় তৰফৰ পৰা সন্মান তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মামণি শৰ্মা আৰু মীনাক্ষী দাস বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অনিৰুদ্ধ দত্তই জেউতি আলয়ৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰি মননশীল দিশসমূহ দাঙি ধৰে। আনহাতে জেউতি আলয়ৰ সহ সম্পাদিকা ৰূপামনি গগৈয়ে অনুষ্ঠানটিত আৰম্ভণিৰে পৰা গুৰু দায়িত্ব পালন কৰি আহিছে। আমন্ত্ৰিত অতিথি হিচাপে জুলি দত্ত আৰু পৰিমল বৰাৰ নেতৃত্বত ” পঞ্চজন্য ” দিহা নামৰ দলটিৰ নাম পৰিবেশনৰ লগতে ডিব্ৰুগড়ৰ মইনা পাৰিজাতৰ কণ কণ শিশুসকলৰ নৃত্য পৰিবেশন, পৰিমল বৰাৰ গীত পৰিবেশন, ৰতন গগৈৰ গীত পৰিবেশন, আন আন আমন্ত্ৰিত ব্যক্তি সকলৰ দ্বাৰা গীত আৰু কবিতা পাঠৰ পৰিৱেশে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে।

দুপৰীয়া লঘূ আহাৰৰ পাছতেই বিয়লি ২ বজাত ৰাজশ্ৰী সেনাপতি গগৈ আৰু অৰ্পনা ফুকন দাসৰ দ্বাৰা সম্পাদিত “জেউতি আলয়” আলোচনী খন উন্মোচন কৰে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কবি, সাহিত্যিক নৰেশ্বৰ হাজৰিকাই। আনহাতে সভাপতিৰ মত- বিনিময়ৰ লগতে জেউতি আলয়ৰ সদস্যৰ অন্তৰংগ আলাপৰ পাছতেই শলাগৰ শৰাই আগবঢ়ায় সহ সম্পাদিকা ৰুপমানি গগৈয়ে।অনুষ্ঠানটিৰ শেষত জেউতি আলয়ৰ সদস্যৰ দ্বাৰা জাতীয় সঙ্গীত পৰিবেশন কৰি সভাখনৰ সামৰণি পৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.