31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

    জালুকবাৰীঃ জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ নৱমখন বৈঠকখন ২৭ ডিচেম্বৰত উপ সভানেত্ৰী ডঃ সন্ধ্যা পাঠকৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়৷ বৈঠকৰ আৰম্ভণিতে শিক্ষাবিদ ডঃ প্ৰদীপ গোস্বামী, কবি মীৰা ঠাকুৰ, গায়ক সূৰ্য দাস, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, জাকিৰ হুছেইনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

    আৰম্ভণিতে শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ আৰম্ভণিতে ৰুণুমী নাথে ভজন পৰিবেশন কৰে। স্ব-ৰচিত লেখা পাঠ অনুষ্ঠানত কবিতা পাঠ কৰে অঞ্জু দত্ত শইকীয়া, মামনি ভট্টাচাৰ্য, অঞ্জনা ৰাণী ভট্টাচাৰ্যই। প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰ, পূৰবী ফুকনে। অনুভৱ ব্যক্ত কৰে ৰেখা বৈশ্যই। শিশু গল্প পাঠ কৰে মামণি শৰ্মাই। ভাষণ আগবঢ়াই ডঃ দীপালী দত্ত, ডঃ মীনা দেৱীয়ে। গীত পৰিবেশন কৰে নিৰ্মালী গোস্বামী আৰু মল্লিকা বৰাই। কবিতা আবৃত্তি কৰে সম্পাদিকা গীতিকা দাসে। এটি সমবেত সঙ্গীত পৰিৱেশন কৰে ৰুণুমী নাথ, ৰেখা বৈশ্য, মল্লিকা বৰা, বিজু মেধিয়ে। ডঃ সন্ধ্যা পাঠকৰ সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই। অসম সংগীতেৰে বৈঠকৰ সামৰণি পৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds