বিশ্বনাথত নামভর্তিৰ পৰা বঞ্চিত হ’ব শতাধিক ছাত্র- ছাত্রী :ছাত্র মুক্তিৰ সম্পাদক অনিল বনীয়া প্ৰতি জন ছাত্র ছাত্ৰীক নাম ভৰ্তি সুবিধা প্ৰদানৰ দাবী ছাত্ৰ মুক্তি ::বেদেতী স্নাতক মহাবিদ্যালয় ঘোষণা দাবী:
অসম খবৰ ডিজিটেল ডেস্ক ১৩ ছেপ্টেম্বৰ ::
এইবাৰ বিশ্বনাথ জিলাৰ উচ্চতৰ আৰু স্নাতক নাম ভৰ্তি পৰা বঞ্চিত হ’ব কেইবা শ ছাত্র-ছাত্রী এই অভিযোগ বিহালী আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিৰ সম্পাদক অনিল বনীয়াৰ ।
সোমবাৰে বিহালীৰ কেটেলা গড়কাপ্তানী পৰিদর্শন বাংলাত অনুষ্ঠিত সংবাদ মেলত বনীয়াই জানিবলৈ দিয়া মতে জিলা খনৰ প্রায় ৯০০০ উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীৰ মাজত জিলা খনৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় ,কনিষ্ঠ মহাবিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহত প্ৰায় ৬ হাজাৰ ছাত্র-ছাত্রীৰ নাম ভৰ্তি কৰিব পাৰিব বুলি তালিকা প্রকাশ পাইছে ।
তাৰ ভিতৰত প্রায় ২ হাজাৰ ছাত্র-ছাত্রীয়ে জিলা খনৰ বাহিৰত নাম ভৰ্তি কৰিব ।
কিন্তু প্রায় ২৮ ছাত্র-ছাত্রী নাম ভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ সম্ভৱনা আছে জিলা খনত।
অসমৰ শিক্ষা মন্ত্রীয়ে পৰীক্ষাৰ ফলাফল দিয়াৰ সময়ত এজনো ছাত্র-ছাত্রী নাম ভৰ্তিৰ পৰা বঞ্চিত নহ’ব বুলি ঘোষণা কৰিছিল আৰু প্রয়োজন হ’লে উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নিত কৰণ কৰা হ’ব বুলি কৈছিল যদিও এতিয়ালৈকে এনে ব্যৱস্থা নকৰাত ছাত্র মুক্তি সংগ্রাম সমিতিয়ে প্রতিক্রিয়া ব্যক্ত কৰিছে ।
সেইদৰে স্নাতক পর্যায়ত এইবাৰ প্রায় ১১০০০ ছাত্র- ছাত্রীয়ে জিলা খনৰ বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিছে তাৰ ভিতৰত প্রায় ৭৫০০ ৰ পৰা ৮০০০ ছাত্র-ছাত্রীয়ে নাম ভৰ্তিৰ সুযোগ পাব ।
বাকী ৩০০০ ছাত্র-ছাত্রীয়ে ভবিষ্যতত কি কৰিব বুলিও ছাত্র নেতা গৰাকীয়ে প্রশ্ন উথাপন কৰে ।
২০২১ চনৰ ১৫ মার্চত বিহালীৰ বেঙাবাৰীৰ এখন ৰাজহুৱা সভাত তেতিয়াৰ শিক্ষা মন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রীয়ে নতুন মন্ত্রী সভাৰ প্রথম বাজেট অধিবেশনতে বেদেতীত এখন স্নাতক মহাবিদ্যালয়ৰ বাবে ঘোষণা কৰা হ’ব বুলি কৈছিল যদিও নহ’ল বুলি প্ৰকাশ কৰি বেদেতী স্নাতক মহাবিদ্যালয় শীঘ্ৰে চৰকাৰে ঘোষণা দাবী কৰে সংবাদ মেলতে অনিল বনীয়াই।
তাৰোপৰি ছাত্র-নেতা জনে জিলাখনৰ বিভিন্ন উচ্চ আৰু
উচ্ছতৰ আৰু মহাবিদ্যালয়ৰ খালী হোৱা পদ সমুহ পুৰণ কৰিবৰ বাবেও দাবী জনাই চৰকাৰক।
Leave a Reply