আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ২০২৫ চনৰ ২১-২২ জানুৱাৰীত মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সংস্কৃতিক মুখ্য বিষয় হিচাপে লৈ এখন আন্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই বিশেষ সম্মিলনখনৰ লক্ষ্য হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কক ৰোমন্থন কৰা। মস্কোৰ ৰাছিয়ান ষ্টেট ইউনিভাৰছিটি ফৰ দা হিউমেনিটিজ, ইনষ্টিটিউট অব্ অৰিয়েণ্টেল ষ্টাডিজ, প্রাইমাকভ ইনষ্টিটিউট অব্ ৱৰ্ল্ড ইক’নমি এণ্ড ইণ্টাৰনেচনেল ৰিলেচনছ আৰু ইৰাকৰ কুট ইউনিভাৰছিটি কলেজৰ সহযোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অব হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্স বিভাগে এই সম্মিলনখনৰ আয়োজন কৰিছে। গৱেষক আৰু অনুশীলনকাৰীসকলক সম্মিলনত উপস্থাপনৰ বাবে নতুন আৰু মৌলিক অন্তর্দৃষ্টিসম্পন্ন উচ্চমানৰ গৱেষণাপত্র দাখিল কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে। এবষ্ট্রেক পত্র দাখিলৰ চূড়ান্ত তাৰিখ ২০২৪ৰ ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল যদিও ২০২৫ বৰ্ষৰ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। নির্বাচিত অংশগ্রহণকাৰী সকলক অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ গৱেষণাপত্র জমা দিবলৈ কোৱা হৈছে। ইচ্ছুকসকলে তেওঁলোকৰ এবষ্ট্রেকপত্র https://forms.gle/6DjA2tSsjxmNU7S7Aত প্ৰেৰণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে তেওঁলোকে ড° ভাস্বতী শর্মা (ফোন ৯৭০৬৯২৭৫৪৬) অথবা ডঃ বন্দিতা বৰুৱা (ফোন ৮৭২৪০৯৭৩৯১)ৰ সৈতে যোগোযোগ কৰিব পাৰিব। ইয়াৰ উপৰি অধিক তথ্যৰ বাবে conference_gcu25@gcuniversity.ac.in লৈ মেইল কৰিব পাৰিব। গুণগত মানৰ গৱেষণাপত্র সম্পাদিত খণ্ডত প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



