31.3 C
Guwahati
Thursday, November 13, 2025
More

    শেহতীয়া আপডেটঃ

    গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনকৰ্মীৰ অভিযানঃ অৰণ্যধ্বংস কাৰ্যত জড়িত মহিলাক আটক

    গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ গাতে লগি থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলত আজি বিয়লি বনকৰ্মীৰ দলে চলোৱা এক অভিযানত অৰণ্য ধ্বংস কাৰ্যত জড়িত এগৰাকী মহিলাক আটক কৰে। আটক হোৱা মহিলাগৰাকীক বশিষ্ঠৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পিলিংকাটা আৰক্ষী চকীৰ অন্তৰ্গত মাওলং বৰপথাৰৰ ইনো চাংমা (৩৪) বুলি চিনাক্ত কৰা হৈছে।

    জানিব পৰা মতে বন বিভাগৰ দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বশিষ্ঠ খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া পুলিন মহন্তৰ নেতৃত্বত এটা বনকৰ্মীৰ দল অইন দিনাৰ দৰে আজিও দুপৰীয়াৰ ভাগত নিয়মীয়া তহলৰ বাবে নিজ অধিকৃত অঞ্চলৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলত গৈছিল। বিয়লি ২ মান বজাত বনাঞ্চলৰ ভিতৰত ধোঁৱা দেখি বনকৰ্মীৰ দলটোৱে ভিতৰলৈ গৈ দুজন পুৰুষ আৰু এজনী মহিলাক তাত মাটিত গাত খান্দি কাঠ কয়লা জ্বলাই থকা প্ৰতক্ষ্য কৰে। দলটোৱে তিনিওজনকে আটক কৰিবলৈ ধৰোতেই পুৰুষ দুজনে গভীৰ অৰণ্যৰ ভিতৰলৈ পলাই যাবলৈ সক্ষম হয়। অৱশ্যে বনকৰ্মীৰ দলটোৱে খেদি গৈ মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা বনকৰ্মীৰ দলটোৱে গছ কটাত ব্যৱহৃত দা, কৰত, মাটি খন্দা কাৰ্যত ব্যৱহৃত কোৰকে ধৰি কিছু সামগ্ৰী জব্দ কৰিছে। আনহাতে বনকৰ্মীৰ জেৰাত পলায়ন কৰা দুজনৰ নাম ৰাজু মাৰাক আৰু নৃপেন মাৰাক বুলি মহিলাজনীয়ে সদৰি কৰিছে। ইতিমধ্যে বশিষ্ঠ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত আটক হোৱা মহিলা গৰাকীৰ বিৰূদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হৈছে আৰু কাইলৈ তেওঁক আদালতত হাজিৰ কৰাব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds