31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    ওদালগুৰি জিলাৰ লেখিকা সমাৰোহৰ সমিতিৰ উদ্যোগত লগতে টংলাৰ সহযোগত দ্বাবিংশতিতম বাৰ্ষিক জাতীয় চেতনা দিৱস উদযাপন

    ◊ টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা সাহিত্য সভা ভৱনত আজি ওদালগুৰি জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু টংলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত দ্বাবিংশতিতম জাতীয় চেতনা দিৱস পালন কৰা হয়। সভাত বন্তি প্ৰজ্বলন কৰে টংলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী চন্দ্ৰ প্ৰভা দত্তই, জাতীয় ছহিদ বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জিলা সমিতিৰ সভানেত্ৰী বিনু ডেকাই।

    চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰি বিনু ডেকাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত কনকলতাৰ অৱদান সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। লগতে জিলাৰ সম্পাদিকা ক্ষীৰা শইকীয়া ডেকাই আঁত ধৰা স্মৃতি চাৰণ সভাখনত বক্তৃতা আগবঢ়ায় ক্ৰমে শান্তি বালা দত্ত, পূৰ্ণিমা ভূঞা, বিজয়া বৰা, শাৰদী আচাৰ্য, ভদ্ৰেশ্বৰী শৰ্মা, চম্পা হাজৰিকাই।

    অনুষ্ঠানত গীত পৰিৱেশন কৰে দুলুমনি বেকাৰ, কনকলতা বৰুৱা আৰু চিত্ৰলেখা ডেকাই, প্ৰেমলতা ডেকা, ৰুক্মিণী কাকতিয়ে লগতে নৃত্য পৰিবেশন কৰে নিতুমনি নাথ, কবিতা পাঠ ৰীতা দেৱী, অনুপমা ডেকাৰ, সবিতা দেৱী, ৰশ্মি ৰেখা ৰাভা, শেৱালী ৰাভাই।

    অনুষ্ঠানত অনুগল্প পাঠ কৰে তৰুলতা বেকাৰ। উক্ত সভাত কেইবাগৰাকী মহিলাক জিলাৰ তৰফৰ পৰা অনুপ্ৰেৰণা মূলক সম্বৰ্দ্ধনা সূচক মানপত্ৰ প্ৰদান কৰা হয়। শেষত জাতীয় সঙ্গীত পৰিৱেশনেৰে সভাৰ সফল পৰিসমাপ্তি ঘটে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds