Friday, May 30, 2025
23.8 C
Guwahati
TOP NEWS:

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ডাঠ কুঁৱলীৰ সতৰ্কবাণী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ডাঠ কুঁৱলীৰ সতৰ্কবাণী ; দুৰ্ঘটনা ৰোধৰ বাবে নিশাৰ ভাগত সাৱধানতাৰে বাহন চলাবলৈচালকক আহ্বান পৰিবহণ বিভাগৰ

বিগত কিছুদিন ধৰি ৰাজ্যৰ বেছিভাগ ঠাইতে ডাঠ কুঁৱলীৰ আবৰণে ঢাকি ধৰা পৰিলক্ষিত হৈছে। আনকি পথত নিশাৰ ভাগত কেবাটাও সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যত ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱা বাবে চালকে ৰাজপথত সন্মুখত কি আছে তাক মনিব নোৱাৰা বাবে বাহন দুৰ্ঘটনাত পতিত হৈ কেবাজনো লোকে কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন বহুজন আহত হৈ চিকিৎসাধীন হবলগা হৈছে। যাৰ বাবে কুঁৱলী কেন্দ্ৰীক দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ সাজু হোৱাৰ লগতে সজাগতা অভিযান আৰম্ভ কৰিছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো নৱবৰ্ষৰ প্ৰাকক্ষণত সংবাদ মাধ্যমৰ জৰিয়তে কুঁৱলীকেন্দ্ৰীক দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত অতি জৰুৰী নহলে মাজনিশাৰ পৰা পুৱালৈ পথত বাহন নচলাবলৈ চালক সকলক আহ্বান জনাইছে।

আনহাতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে ভাৰত চৰকাৰৰ অধীনৰ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তক দিনত নিশাৰ ভাগত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কেবাদিনলৈ ডাঠ কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি সতৰ্কতা জাৰি কৰিছে। আনকি পাহাৰীয়া স্থান, নৈপৰীয়া অঞ্চল, জলাশয় আৰু মুকলি পথাৰৰ মাজেৰে যোৱা বাট পথ সমূহ সন্ধিয়াৰ পাছত যথেষ্ট কুঁৱলী পৰিব বুলি বতৰ বিজ্ঞান বিভাগে আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে। যাৰ বাবে নিশাৰ ভাগত ৰাজপথত বাহন চলাওতে অত্যন্ত সতৰ্কতাৰে বাহন চলাবলৈ আৰু বিশেষ জৰুৰী নহলে নিশা ১০ বজাৰ পৰা পাছদিনা ৰাতিপুৱালৈ বাহন নচলাবলৈ চালকক আহ্বান জনোৱা হৈছে । গৌতম দাসে সদৰি কৰা অনুসৰি যদি এই সময়ছোৱাত নিশাৰ ভাগত জৰুৰী কাৰণত বাহন চলাব লাগে তেন্তে সন্মুখত ফগ লাইট জ্বলাই অতি সীমিত গতিবেগতহে বাহন চলাব লাগে।

আকৌ যদি বাহনখন ৰখাব লাগে তেন্তে পথৰ দাঁতিত সুৰক্ষিত স্থানত প্ৰধান পথত বাধা নোহোৱাকৈ পাৰ্কিং লাইট জ্বলাইহে ৰাখিব লাগে। আকৌ কুঁৱলী দি থকা অৱস্থাত লাহে লাহে বাহন চলালেও মাজে মাজে সন্মুখৰ আইনাৰ উইপাৰ ব্যৱহাৰ কৰি থাকিব লাগে যাতে আইনাখন পৰিস্কাৰ হৈ থাকে। আনকি বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক এটা সপ্তাহ পৰ্যন্ত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাঠ বা ঘন কুঁৱলী পৰিব বুলি সতৰ্কতা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত সকলোৱে নিশা ৰাজপথত বাহন চলোৱাৰ ক্ষেত্ৰত আৰু “পথ সুৰক্ষা আৰু জীৱন ৰক্ষা”ৰ স্বাৰ্থত চালক সকলে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি সদৰি কৰিছে।

- Advertisement -

Hot this week

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

ASSAM RIFLES INAUGURATES FOOTBALL GROUND

As part of its continued efforts to foster youth...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

Topics

ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

Related Articles

Popular Categories

Assam
overcast clouds
24 ° C
24 °
24 °
96 %
3.1kmh
100 %
Fri
24 °
Sat
31 °
Sun
30 °
Mon
32 °
Tue
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds