31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    আংশিক লক ডাউন, আন্তঃজিলা যাতায়াত বন্ধত দিশহাৰা কৃষ্ণাইৰ শ্ৰমিক মজদুৰঃ মূখ্যমন্ত্ৰীক সাহায্য প্ৰদানৰ আহ্বান ক্ষতিগ্ৰস্ত শ্ৰমজীৱীৰ

    ♦ ক’ৰনা মহামাৰীৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউন তথা আন্তঃজিলা যাতায়াত বন্ধই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শ্ৰমজীৱী লোক সকলৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ দিনৰ পিছত দিন বজাৰ-সমাৰ, যান-বাহনৰ যাতায়াত বন্ধ হৈ থকাত আৰ্থিক দুৰ্দশাই দেখা দিছে এই শ্ৰমজীৱী লোক সকলৰ মাজত৷

    বিশেষকৈ আন্তঃজিলা যাতায়াত বন্ধ থকাত গাড়ীৰ মালিক সকলৰ লগতে শলঠেকত পৰিছে গাড়ী চালক, পৰিচালক তথা মজদুৰ সকল৷ উল্লেখ্য যে, কৃষ্ণাই আঞ্চলিক ঠেলা মুটীয়া সন্থাৰ সদস্য সংখ্যাই প্ৰায় ৩৫০ জন৷ ইয়াৰ বাহিৰেও অঞ্চলটোত আছে শতাধিক ই ৰিক্সা চালক, গাড়ী চালক-পৰিচালক, দৈনিক শ্ৰমিক৷ ক’ৰনা মহামাৰীয়ে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিয়ে এই সকল শ্ৰমজীৱীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে৷ আৰ্থিক অনাটনত পৰিয়াল পোহপাল দিয়াত অতি কষ্টৰ সন্মুখীন হৈছে এই সকল লোক৷ গাড়ীৰ মালিক সকলে গাড়ীৰ কিস্তি দিবলৈ অসমৰ্থ হৈছে৷ এক কথাত অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে এই লোক সকলৰ জীৱনত৷ সেয়ে এনে জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে চৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছে কৃষ্ণাইৰ শ্ৰমজীৱী লোক সকলে৷ এই সন্দৰ্ভত কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ সভাপতি পৰিতোষ সাহাই অসমৰ মূখ্যমন্ত্ৰীয়ে ফলপ্ৰসূ ব্যবস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds