♦অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগ (https://www.dbuniversity.ac.in/Mechanical-Engineering.php) আৰু ধেমাজিৰ কিৰণ একাডেমী(http://www.kiranacademydmj.in)ৰ উদ্যোগত এখন অনলাইন কেৰিয়াৰ কৰ্মশালা ৩১ মে’ তাৰিখে অনুষ্ঠিত হয়। সন্ধিয়া ৭ বজাৰ পৰা ৯বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক ড° বুলজিৎ বুঢ়াগোহাঁই৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান আৰু কলা শাখা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা কৰ্মশালাখন আঁত ধৰে কিৰণ একাডেমীৰ শৈক্ষিক সঞ্চালক আশীষ পালে। কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখাত শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বিষদ বাখ্যা আগবঢ়ায়। কৰ্মশালাখনত ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক কমলদীপ কলিতাই ছাত্র-ছাত্রীসকলক বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্রমৰ বিষয়ে অৱগত কৰে। ড° বুঢ়াগোহাঁয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations