31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    অসমতো আপৰ ‘মোদী হাটাও দেশ বাচাও’ অভিযান

    ■ গুৱাহাটী, ৯ এপ্রিল : শেহতীয়া ভাবে মোদী চৰকাৰৰ কাম-কাজত অসন্তুষ্ট হৈ দেশজুৰি ভিন্ন ধৰণৰ প্ৰতিবাদ হোৱাৰ সময়তে অসমতো আপৰ উদ্যোগত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। আম আদমী পাৰ্টি অসমে দেওবাৰে এক সংবাদমেলত উল্লেখ কৰে যে স্বাধীনতা সংগ্ৰামৰ সময়ত আমাৰ শ্বহীদসকলে সপোন দেখিছিল যে যেতিয়া ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিব, আমিও নিৰক্ষৰতাৰ পৰা মুক্তি পাম আৰু আমাৰ দেশ এখন শিক্ষিত ৰাষ্ট্ৰ হৈ পৰিব। ভাৰতৰ জনসাধাৰণে উন্নত চিকিৎসাৰ বাবে দূৰলৈ যাব নালাগিব, যুৱকসকলে নিযুক্তিৰ সুযোগ পাব আৰু কৃষকসকলে তেওঁলোকৰ শস্যৰ বাবে সর্বোত্তম মূল্য লাভ কৰিব। ব্ৰিটিছ শাসনৰ অধীনত চৰকাৰৰ বিৰুদ্ধে পত্রিকা বিতৰণ বা কাগজ পত্র প্রিন্ট কৰাটো বেআইনী ঘোষণা কৰি হৈছিল। ব্ৰিটিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নায়কসকলৰ কণ্ঠৰুদ্ধ কৰিবলৈ আইন প্ৰস্তুত কৰিছিল। আজিও ভাৰতবৰ্ষত এজন অশিক্ষিত প্রধানমন্ত্ৰী নৰেন্দ্ৰী মোদীৰ নেতৃত্বত এই আইনবোৰ পুনৰ দেশৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হৈ আছে বুলি আজি আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে এক সংবাদমেল যোগে অভিযোগ কৰে। যোৱা ৩০ মাৰ্চৰ পৰা আম আদমি পাৰ্টীয়ে ভাৰতৰ ফেচিবাদী আৰু হিটলাৰী চৰকাৰৰ বিৰুদ্ধে দেশৰ সকলো প্ৰান্ততে ‘মোডী হাটাও দেশ বচাও’ পোষ্টাৰ লগোৱা অভিযান আৰম্ভ কৰিছে। ইতিহাসত কেতিয়াও ব্ৰিটিছ শাসনকালতো পোষ্টাৰ লগোৱাৰ বাবে ১৩৮ খন এজাহাৰ দাখিল কৰা হোৱা নাছিল । কিন্ত ‘মোদী হাটাও দেশ বচাও’ পোষ্টাৰ লগোৱাৰ বাবে আম আদমি পাৰ্টীৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে। সংবাদমেলত মেধিয়ে কয় যে বৰ্তমান দেশৰ শ্ৰমিকসকলক দুখীয়া জীৱন যাপন কৰিবলৈ বাধ্য কৰেৱাা হৈছে। শ্বদীত ভগত সিং আৰু বটুকেশ্বৰ দত্তই বিধানসভাত এটা বোমা নিক্ষেপ কৰিছিল কাৰণ শ্ৰমিকসকলৰ বিৰুদ্ধে সুৰক্ষা বিধেয়ক অনা হৈছিল। আজিও কেন্দ্ৰীয় চৰকাৰে দেশৰ শ্ৰমিকসকলৰ সকলো আইন আৰু অধিকাৰ বিলুপ্ত কৰিছে। বর্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত বিৰোধী পক্ষৰ কোনো নেতাই লোকসভাৰ ভিতৰতে হওক বা ৰাজপথতেই হওক কোনেও এইখন চৰকাৰক ৰাইজৰ স্বাৰ্থত প্ৰশ্ন কৰিব নোৱাৰে তথা সমালোচনা কৰিব নোৱাৰে। বৰ্তমান এনে এক অৱস্থা হৈছেগৈ যে নিৱনুৱাই সমস্যাই হওক, অত্যাধিক মূল্যবৃদ্ধিৰ কথায়েও হওক এই চৰকাৰখনৰ কাৰ্যকালত এনে প্রশ্নবিলাক সুধিলে অথবা সংবাদ মাধ্যমৰ আগত চৰকাৰখনৰ ব্যৰ্থতাৰ বিষয়ে অভিযোগ কৰিলে বিৰোধীৰ কণ্ঠ ৰোধ কৰি দিয়া হৈছে। বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ নিয়ন্ত্রণাধীন তদন্তকাৰী সংস্থা চিবিআই, চিআইডি, ইডি, আয়কৰ, পুলিচ এই সমস্ত শক্তিক বিৰোধীৰ কণ্ঠ ৰোধ কৰিবৰ বাবে নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰিছে বুলি উল্লেখ কৰে। প্রধানমন্ত্রী মোদী য’তেই গৈছে তেওঁ তাতেই গৌতম আদানিৰ সাম্ৰাজ্যৰ বিকাশ নিশ্চিত কৰি আহিছে। এইগৰাকী উদ্যোগপতিৰ কোম্পানীয়ে ইমান কম দিনৰ ভিতৰত ইমান ধন ক’ৰ পৰা আহৰণ কৰিলে বুলি আম আদমি পাৰ্টীয়ে প্রশ্ন উত্থাপন কৰিছে। প্রধামন্ত্ৰীৰ বাবে কিমান ঠিকা আদানিৰ কোম্পানীয়ে লাভ কৰিছিল, ইমান কমদিনৰ ভিতৰত আদানিৰ কোম্পানীত বিশ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ কোনে কাক হেঁচা দিছিল। ভাৰতীয় ষ্টেক বেংক আৰু ভাৰতীয় জীৱন বীমা কোম্পানীক আদনিৰ গ্ৰুপৰ কোম্পানীত ধন বিনিয়োগ কৰিবলৈ কোনে হেঁচা দিছিল আদি প্রশ্নবোৰৰ উত্তৰ প্রধানমন্ত্ৰীয়ে নিদিলে। যেতিয়ালৈকে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব, তেতিয়ালৈকে তেওঁ আদানিৰ লগতে দেশৰ পুঁজিপতি সকলৰ সম্পত্তি বাঢ়িহে গৈ থাকিব আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো কেলেংকাৰীৰ তদন্ত কৰিবলৈ সাহস নহ’ব। আজিৰ দেশৰ সংবিধান এইজন প্রধানমন্ত্ৰীৰ বাবে অসুৰক্ষিত হৈ আহিছে আৰু বিৰোধীৰ কণ্ঠস্বৰক মনেসজা গোচৰ তৰি কৰি দমন কৰাৰ প্ৰচেষ্টা কৰা হৈছে অথবা জেলত কাৰাবন্দী কৰি ৰাখিছে।। আম আদমি পাৰ্টীৰ সমগ্ৰ দেশবাসীৰ প্ৰতি আহ্বান- আজি এই দেশ বচোৱাৰ সময়। সেয়েহে ‘মোদী হাটাও দেশ বচাও’। আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ আত্মাই আমাক এই স্বেৰাচাৰী চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু আমাৰ দেশৰ ঐতিহ্য ৰক্ষা কৰিবলৈ শক্তি দিয়ক । আজিৰ সংবাদমেলত যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিৰ ওপৰিও ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, ৰুদ্ৰাংকুৰ হাজৰিকা, গীতা চহৰীয়া, ৰামা পৰিহাৰ উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds