Friday, June 20, 2025
25.2 C
Guwahati
TOP NEWS:

ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ গুৱাহাটী ,১৫ ডিচেম্বৰ : এশিঙীয়া গঁড়ৰ দৰেই অসমৰ মুগাও সমগ্ৰ বিশ্বতেই সমাদৃত। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সীমাৱৰ্তী পাহৰুৱা ৰাজ্যকেইখনৰ পাদদেশত বিস্তৃতি সীমাৱদ্ধ হৈ থকা অসমৰ মুগাশিল্পই ইতিমধ্যে ভৌগলিক সূচাংক (GI tag) লাভ কৰিবলৈ সমৰ্থ হৈছে। দৰাচলতে অসমৰ ভৌগলিক পৰিৱেশ আৰু অনুকুল জলবায়ুই অসমক মুগাৰ গৃহভূমি হিচাবে গঢ়ি তুলিছে। পৰম্পৰাগত জ্ঞানেৰে সমৃদ্ধ অসমৰ একাংশ কৃষকে মুগা পালন আৰু সুতা বস্ত্ৰ উৎপাদনেৰে গ্ৰাম্য অৰ্থনীতিৰ বহনক্ষম বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে।

কিন্তু গোলকীয় উষ্ণতাবৃদ্ধি আৰু জলবায়ুৰ দ্ৰুত পৰিবৰ্তনে অসমৰ মুগা শিল্পলৈ কঢ়িয়াই আনিছে সংকটৰ অশনি সংকেত । উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ দ্ৰুত পৰিবৰ্তনৰ বাবেই আহাৰ, ভাদ আৰু আহিন মাহত সঁচ উৎপাদনৰ বাবে কৰা মুগাৰ খেতি প্ৰায়বোৰ অঞ্চলতে বিনষ্ট হৈছে। এইবেলিৰ মাত্ৰাধিক উষ্ণতা বৃদ্ধিয়ে কাতি মাহত কৰা বাণিজ্যিক মুগা পালনৰ বাবে যাৱতীয় সঁচৰ যোগান শৃংখলত (supply chain) বিৰূপ প্ৰভাৱ পেলাইছে।ইয়াৰ ফলশ্ৰুতিতে কাতীয়া মুগা পালনৰ বাবে সঁচুৱা মুগালাট বিছাৰি হাহাকাৰ কৰিছিল একাংশ মুগা কৃষকে। অৱশ্যে এই পৰিস্থিতিৰ মাজতো গুৱাহাটীৰ খানাপাৰাস্থিত চৰকাৰী মুগা সঁচ পামে ৰাজ্যৰ মুগা কৃষকক আশাৰ ৰেঙনি দেখুৱাবলৈ সক্ষম হৈছে।

মুগা সঁচ পামখনে এইবেলিৰ কাতীয়া বাহত ৫০০ গ্ৰাম মুগা কণী পামৰ নিজা চোমনিত পালন কৰি আছে। ইতিমধ্যে পকিবলৈ আৰম্ভ কৰা নিৰোগী পূৰঠ মুগাৰ শ্ৰী-বৃদ্ধি আৰু সক্ৰিয়তাৰ ভিত্তিত আশা কৰা হৈছে। পামখনে আনুমানিক ২০,০০০ সঁচুৱা মুগালাট উৎপাদন কৰিবলৈ সক্ষম হ’ব।

চৰকাৰী মুগা সঁচপামৰ সাম্ভাব্য উৎপাদনে হেৰাই যাব ধৰা সঁচুৱা লাটৰ যোগান শৃংখলক পুনৰ সক্ৰিয় কৰাত কিছু হলেও সহায় কৰাৰ লগতে কৃষক সকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °