অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখন মূলধনী ব্যয়ৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতম ৰাজ্য হ’বলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ বৰ্তমান সামগ্ৰিক বিকাশৰ হাৰ ৯ শতাংশৰ তুলনাত অসমৰ বিকাশৰ হাৰ ১৪ৰ পৰা ১৫ শতাংশ বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনীতিৰ বিকাশ ঘটিছে বুলি উল্লেখ কৰি কয় যে দেশৰ প্ৰায় ৫ খন ৰাজ্যই অৰুণোদয় আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনেধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। ৰাজ্যৰ ১৭টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বর্তমান সময়ত লাভজনক পৰ্যায়ত আছে আৰু এই প্ৰতিষ্ঠানসমূহে সামূহিক মুঠ সম্পদত প্রায় ৪০ হাজাৰ কোটি টকাৰ অৰিহনা যোগাইছে। ৰাজ্য চৰকাৰে মহানগৰৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



