শেহতীয়া আপডেটঃ

ৰঙামাটিত দিনে-নিশাই পকা শালি ধানত বনৰীয়া হাতীৰ অবাধ বিচৰণঃ বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কিছু নিলগৰ আৰু দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত পকিবলৈ ধৰা শালিধান কৃষক ৰাইজে কাটিবলৈ আৰম্ভ কৰাৰ প্ৰাকক্ষণত অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ। বিগত প্ৰায় এটা মাহ ধৰি সন্ধিয়াৰ পাছত খাদ্যৰ সন্ধানত ওলাই অহা ৮-৯ জনীয়া বনৰীয়া হাতীৰ জাকে প্ৰায় ৩০ বিঘাৰো অধিক শালি ধান গছকি নষ্ট কৰিছে।

আনকি দিনৰ ভাগতে কেবাটাও হাতীক পথাৰত ঘূৰি থকা প্ৰত্যক্ষ কৰি হাতীৰ আক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে ৰাইজ। বিগত কেইদিনত নিশাৰ ভাগত হাতীৰ জাকটোৱে অঞ্চলটোৰ কমলা শৰ্মা, দীপক শৰ্মা, ভূপেন মালী, কৈলাশ মালীকে ধৰি কেবাজনো বাসিন্দাৰ ঘৰৰ চৌহদত বেৰ ভাঙি সোমাই কিছু ক্ষতিসাধন কৰিছে। যাৰ বাবে সন্ধিয়া হলেই হাতীৰ আক্ৰমণৰ আশংকাত জনবহুল অঞ্চলটোৰ বাসিন্দা সকল শংকিত হৈ পৰিছে। এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বতেও ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ক কেবাবাৰো অৱগত কৰিছিল।

কিন্তু পৰ্যাপ্ত বনকর্মী নথকাৰ অজুহাতত হাতী খেদা কাৰ্যত ৰাইজক সহযোগ কৰাৰ সলনি দুধকুঁৱৰী পাহাৰৰ নামনিত হাতী অহা যোৱা কৰা পথত ‘হাতীৰ পৰা সাৱধান’ বুলি দুখন চাইনবৰ্ড লগাই দিয়েই দায়িত্ব সামৰিছে বন বিভাগে। ৰাইজে বন বিভাগক কোনো ধৰণে সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ বিচৰণথলী নোহোৱা ৰঙামাটি অঞ্চলত হাতীৰ বিচৰণ আৰু উপদ্রৱৰ সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে। কিয়নো কোনো ধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা ৰঙামাটিৰ দৰে জনবহুল অঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা যদি খেদি পঠিয়াবলৈ বন বিভাগে স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত অঞ্চলটোত হাতী-মানুহৰ সংঘাট হোৱাটো নিশ্চিত বুলি আশংকা কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.