ৰঙাপৰা মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ বিনামূলীয়া নামভৰ্ত্তিকৰন সমাপন

● শোণিতপুৰ জিলাৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া নামভৰ্তিকৰন কাৰ্যসূচীৰ সমাপন অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক ছাত্র-ছাত্ৰীয়ে ছাত্র সংঠনটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ছাত্র সংগঠনটিত যোগদান কৰে।

ছাত্র সংগঠনটিৰ ৰঙাপৰা শাখাৰ সক্ৰিয় সদস্য সৌৰভ দাসে আতঁ ধৰা সভাত সভাপতিত্ব কৰে সংগঠনটিৰ ৰঙাপৰা শাখাৰ সভাপতি হৃষিকেশ দে।

সভাত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শোণিতপুৰ জিলা সামাজিক মাধ্যম প্ৰমুখ ভাস্কৰ সৰকাৰে ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনায় আৰু
সংগঠনৰ নীতি-আৰ্দশক সাৰোগত কৰি শৈক্ষিক, সামাজিক সেৱা সমূহ নিষ্ঠাৰে কৰি যাব বুলি আশা প্ৰকাশ কৰে। আজিৰ সভাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰঙাপৰা শাখাৰ সম্পাদক অভিষেক সিং উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.