ৰঙাপৰা নৃশংস হত্যাকাণ্ড, পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

■ ৰঙাপৰাঃ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং গেৰুৱাজুলিৰ তেত্ৰিশ ঘৰীয়া গাওঁত হত্যা কৰি পুতি থোৱা এক মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সুত্ৰে জানিব পৰা মতে  কালি নিশা ১১মান  বজাত গাওঁখনৰ স্বৰ্গীয় দেবেন দৈমাৰীৰ পত্নী লক্ষেশ্বৰী দৈমাৰী ( ৬০) নিশা নিজা বাসগৃহত নাতিয়েকৰ লগত শুই থাকোতে কোনো অচিনাকি দুৰ্বৃত্তই ঘৰৰ বেৰ ভাঙি নৃশংস ভাবে হত্যা কৰি ওচৰৰে হাবিত মৃতদেহটো পুতি থৈ যায়।

পুৱা গাওঁৰ ৰাইজে ঘৰখনত তেজেৰে লুতৰি পুতৰি দেখা পাই আৰক্ষীক খবৰ মৃতদেহটো। ৰঙাপৰা আৰক্ষী থানাৰ ভাৰাপ্রাপ্ত বিষয়া হিতেশ শৰ্মাৰ সৈতে এটি আৰক্ষীৰ দল গাওঁ খনত উপস্থিত হৈ ৰাইজৰ সহযোগত ওচৰতে হাবিত পুতি থোৱা মহিলা গৰাকীৰ মৃতদেহটি উদ্ধাৰ কৰি মৰোনওৰ পৰীক্ষাৰ বাবে থানালৈ লৈ আনে।

ইপিনে ঘটনাস্থলীত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ অদিতি গগৈ ঘটনাস্থলীত উপস্থিত হয়। সংবাদ মাধ্যমে হত্যাৰ কাৰণ প্রাথমিক তদন্তত কিবা সুংশুত্ৰ লাভ কৰিছে নেকি জানিব বিচৰাত তেখেতে আৰক্ষীয়ে ডাইনীৰ সন্দেহত হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সকলো তথ্য ওলাই পৰিব বুলি কয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.