ৰঙাপৰাত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উদযাপন

● ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম পুৰোধা তথা জনসংঘৰ সহঃ প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আজি জন্মদিৱস ।এই উপলক্ষে আজি ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত নামনিগাওঁ পঞ্চায়তৰ সভাগৃহত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

সভাত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰ ওপৰত বক্তব্য ৰাখে শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেনে। দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদ দর্শনৰ তত্ব বিতংভাৱে আলোকপাত কৰে। ডলি চুৰেনে একাত্ম মানৱতাবাদৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ পুনৰ উজ্জীৱিত কৰাৰ বাবে প্রতিজন দলীয় কার্যকর্তাই প্ৰয়াস কৰাৰ কাৰণে আহ্বান জনায়।

বিজেপি ৰঙাপৰা মণ্ডলৰ সম্পাদক ডেভিড খৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে মণ্ডল সভাপতি দীপক তেলীয়ে। আজিৰ সভাত উপস্থিত থাকে প্ৰাক্তন মণ্ডল সভাপতি নগেন বাসুমতাৰী, জিলাৰ মহিলা মৰ্চাৰ সম্পাদিকা এমি শর্মা, জিলাৰ কিচান মৰ্চাৰ সাধাৰণ সম্পাদক পৰাগ তামুলী, নামনিগাওঁ পঞ্চায়তৰ সভাপতি মথিয়াছ ভেংৰা, ৰাজ্যিক সমিতিৰ বিভিন্ন বিষয় ববীয়া,জিলা সমিতিৰ বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.