সুধাকণ্ঠ ড.ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকপালন :

 

লালুকত টেম্পু চালক আৰু মালিক সন্থাৰ লগতে
ৰাজীৱ চুতীয়াৰ মহান প্ৰচেষ্টাত সাংস্কৃতিক ন্যাস নামাকৰণৰে আজিৰ এই অনুষ্ঠানটিৰ কাৰ্য্যসুচী হাতত লয়।

সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাৰ লালুকতো সুধাকণ্ঠ গৰাকীক স্মৰণ কৰাৰ অৰ্থৰে লালুক ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আয়োজন কৰিছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

অগণন কালজয়ী গীতৰ মাজেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰিছিল সুধাকণ্ঠ ড.ভূপেন হাজৰিকাই ৷
সমগ্ৰ বিশ্বৰ মানৱ সমাজত শান্তি, প্ৰেম আৰু ভাতৃত্ববোধৰ বাৰ্তা বিলাই থৈ গৈছে সুধাকণ্ঠ গৰাকীয়ে ।

সুধাকণ্ঠৰ অনন্য সৃষ্টিত জীপাল হৈ উঠিছিল স্বদেশপ্ৰেম আৰু ভাৰতৰ গুণ-গৰিমা।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে দুখীয়া, দৰিদ্ৰ , বিকলাংগ লোক সকলক কম্বল বিতৰন কৰে আয়োজক সমিতিয়ে ।

নাৰায়ণপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.