31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    সাহিত্যৰ সাধক জয়ন্ত বৰুৱাৰ সম্পৰ্কত একলম

    সাহিত্যৰ সাধক জয়ন্ত বৰুৱাৰ সম্পৰ্কত একলম:

    সাহিত্য জাতিৰ এক মেৰুদণ্ড স্বৰূপ ৷
    জননী জন্মভূমিৰ দাপোন ৷

    সাহিত্যই ৰাজ্যখনৰ লগতে জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি প্ৰতিষ্ঠা কৰে ৷
    কাব্যিক পৰিচয়ৰে উত্তৰণ ঘটাই ৷ স্বাভিমানক ৰক্ষা কৰে ৷
    এককথাত কবলৈ গ’লে চৰাচৰ জগতৰ প্ৰকৃতি প্ৰভূত সৃষ্টিতত্ত্বৰ মাজত নিহিত হৈ আছে সাহিত্য ৷

    প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যক বৰ্দ্ধন কৰি গতি প্ৰদান কৰে ৷
    অনুকুল কাব্যিক আৱৰণেৰে মহিয়ান কৰে ব্যক্তি, সমাজ, ৰাজ্য,ৰাষ্ট তথা সমস্ত জগত ৷ দৰ্শনৰ বিশেষত্ব থকা সাহিত্যৰ সঠিক সংজ্ঞা নিৰূপন কৰিব নোৱাৰি ৷

    মাথোঁ অনুভৱ কৰি সাহিত্যৰ সৃষ্টিহে কৰিব পাৰি শেষ কৰিব নোৱাৰি ৷

    যিদৰে উৰ্ধমুখী তৰু লতাই সুৰ্যমুখী হৈ নিজৰ দিশৰ গতি লয়৷
    ঠিক সেইদৰেই প্ৰকৃতিৰ প্ৰান প্ৰাচুৰ্যৰ অসীম ৰহস্যৰে ভৰা জগত জিনিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে একো একোগৰাকী উচ্চকাঙ্খী মনৰ কবি সাহিত্যিকে ৷


    অম্লান প্ৰচেষ্টাৰ সহিত গভীৰৰ পৰা গভীৰতম দিশলৈ গতি কৰে ৷

    প্ৰকাশ্য কৰিব বিচাৰে চৰাচৰ জগতৰ ভেদ ৷

    কিন্তু সসীমে জানো অসীমক অতিক্ৰম কৰিব পাৰে ?
    তৎস্বত্বেও সাহিত্যৰ সাধনাত ব্ৰতী হোৱা একাংশ সাহিত্যিক কবিৰ নিৰৱ সাধনাই উদ্ভাসিত কৰি তুলে জগত ৷

    মহিয়ান কৰে সমগ্ৰ মানৱজাতিক ৷তেনে এগৰাকী সাহিত্যৰ সাধক জয়ন্ত বৰুৱাৰ জন্ম হয় ঐতিহ্যমণ্ডিত গুপ্তকাশী খ্যাত বিশ্বনাথৰ বুঢ়ীগাং নদীৰ পাৰৰ মাজবাঘমৰা নামৰ অখ্যাত গাওঁত ৷


    সংগ্ৰামী সত্বাৰ আৰু সুন্দৰ মনৰ অধিকাৰী জগতৰ সৌন্দৰ্যক চৰ্চা আৰু পৰিচৰ্য্যাৰে প্ৰাণৱন্ত কৰি ভালপোৱা আৰু সংসাৰৰ কঠিন কন্টকাময় পৰিস্থিতিৰ মাজত সাহিত্যৰ নতুন দিগন্তৰ সুচনা কৰা মানসিক শক্তিৰে শক্তিৱন্ত ,চিন্তাশীল আৰু অসাধাৰণ ব্যক্তিত্ব সম্পন্ন জয়ন্ত বৰুৱা সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ মাজতেই জন্ম গ্ৰহন কৰে ৷

    পিতৃ ৺চন্দ্ৰ বৰুৱা আৰু মাতৃ ৺বালিকাজ্যোতি বৰুৱাৰ ঔৰসত জন্মগ্ৰহন কৰা ৬ গৰাকী সন্তানৰ ভিতৰত জয়ন্ত বৰুৱা একমাত্ৰ পুত্ৰ ৷

    এগৰাকী বাইদেউ আৰু চাৰিগৰাকীকৈ ভগ্নীসহ এখন সংসাৰ ।
    আটাই কেইগৰাকীৰে সাংসাৰিক জীৱনত জড়িত হ’ল যদিও বৰুৱাৰ একমাত্ৰ বাইদেউৰ পৰলোকপ্ৰাপ্তি ঘটে ৷

    মধ্যবিত্ত পৰিয়ালৰ মাজত লালিত পালিত হোৱা জয়ন্তই স্থানীয় মৰলগাওঁ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলে ৷

    পৰৱৰ্তী পৰ্যায়ত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ আৰু বিশ্বনাথ মহাবিদ্যালয়ত নামভৰ্তি কৰি স্নাতক ডিগ্ৰী লাভ কৰে ৷

    কঠিন অৰ্থ সংকটৰ পৰিণতিত শিক্ষাৰ জীৱন সিমানতে সাং কৰিবলগা হ’ল ৷

    পিতৃ স্বৰ্গগামী হোৱাৰ পিছত জীৱিকাৰ তাড়নাত জীৱন সংগ্ৰামত লিপ্ত হ’বলগা হয় জয়ন্ত বৰুৱা ৷

    প্ৰথমাৱস্থাত জীৱন যুঁজৰ কঠিন বাস্তবৰ মুখামুখি হৈ এক সৰু-সুৰা ব্যৱসায়ত মনকান দিয়ে ৷

    কঠোৰ অধ্যৱসায়ৰ বলত এসময়ত ঠিকা ঠুকুলিৰ কামত নিযুক্ত হ’বলৈ সক্ষম হয় ৷

    পিছে এই কামতো তেওঁৰ বিশেষ মন নবহিল ৷
    নিজৰ তথা পৰিয়ালৰ মাজত সীমাবদ্ধ নাৰাখি সমাজৰ বাবে ভাল কাম কৰাৰ ইচ্ছা জাগৃত হ’ল ৷

    ভবামতেই কাম ৷

    সলনি কৰিলে নিজৰ জীৱন পৰিক্ৰমা ৷
    বাচি ললে বিকল্প এটি পথ ৷ শিক্ষাৰ দিশত কাম কৰাৰ পণ ললে ৷
    ভবামতেই “ষ্টুডেণ্ট একাডেমি” নামৰ কচিং চেন্টাৰ এখন খুলি ব্যক্তিগত ভাৱে ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ কামত ব্ৰতী হয় ৷


    যদিও পিছলৈ দুজন সহপাঠী বন্ধুৰ সৈতে লগলাগি বৰুৱাই জুনিয়ৰ কলেজ এখনো প্ৰতিষ্ঠা কৰে ৷

    এনে দৰেই কৰ্মময় জীৱনৰ মাজত অৱশেষত ২০০৭ চনৰ ১৯ ফেব্ৰুৱাৰীত বিশ্বনাথ জিলাৰ বেদেতীৰ জামুৱনী গাওঁৰ নিকুমণি বৰুৱাৰ পাণি গ্ৰহন কৰে ৷

    বৰ্তমান বৰুৱাৰ পত্নীসহ এটি পুত্ৰ সন্তানৰ পিতৃৰ গৌৰৱ অৰ্জন কৰা এক সুখৰ সংসাৰ ৷

    একমাত্ৰ পুত্ৰ মণিষ মৌচম বৰুৱা অষ্টম মান শ্ৰেণীত অধ্যয়নৰত ৷
    বৰুৱাৰ শৈক্ষিক জীৱন পৰিক্ৰমাৰ লগতে আন এক অধ্যায় নিৰৱে সংযোজিত হৈছিল ৷

    সেয়া হ’ল কবিতা চৰ্চা ৷ স্কুলীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি আকৰ্ষিত হোৱা বৰুৱাই কবিতা আবৃত্তিৰ লগতে কবিতাও ৰচনা কৰি আহিছে ৷

    তেওঁৰ প্ৰথম ছপা আকাৰে “সচেতন হ’বৰ হ’ল ” নামৰ স্বৰচিত কবিতা এটি প্ৰকাশ পায় ৷

    হ্ৰদয়স্পৰ্শী বিপ্লৱী ভাবৰ কবিতাটিয়ে সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে ৷ আনকি এই কবিতাটি আবৃত্তি কৰি কেইবাগৰাকী ছাত্ৰ -ছাত্ৰীয়ে পুৰস্কৃতও হয়।

    ক্ৰমাগতভাৱে বিভিন্ন কাকত আলোচনী আদিত নিয়মিত কবিতা প্ৰকাশ পোৱা বৰুৱাৰ কবি আৰু সাহিত্যিক জীৱনৰ ইউ টাৰ্ণ হিচাবে বিবেচিত হ’ল ৷

    কলেজ আলোচনীত প্ৰথম “পদুম” নামৰ গল্প এটি প্ৰকাশ পাইছিল ৷
    কলেজীয়া জীৱনত তেওঁৰ লিখা”যুদ্ধৰ সীমান্তত এচেৰেঙা মিঠা ৰ’দ” নামৰ উপন্যাসখন ১৯৯৫ চনৰ ৩০ আগষ্ট তাৰিখে গ্ৰন্থ আকাৰে প্ৰকাশ হৈ ওলায় ৷

    পিছলৈ আৰু ঘুৰি চাবলৈ নহ’ল ৷ ১৯৯৫ চন অৰ্থাৎ একেবছৰতে আন এখন কাব্য সংকলন “পোহৰৰ মিছিল”নামৰ গ্ৰন্থ এখনো প্ৰকাশ পায় ৷

    বৰুৱাৰ কলম আৰু থমকি নৰল ৷ বিভিন্ন কাকত আলোচনী আদিত নিয়মিতভাৱে লেখা- মেলা কৰিব ললে ৷

    ২০০০ চনলৈকে এই সাহিত্য চৰ্চা সমান্তৰালভাৱে চলি থাকিল ৷সময়ৰ চক্ৰত কিছুকাল ৰাজনীতি পথাৰখনৰ লগত জড়ীত হৈ পৰিছিল ৷ যদিও ৰাজনীতিৰ জগতত তিষ্ঠি থাকিব নোৱাৰিলে ৷
    সৰল শান্তিপ্ৰিয় মনৰ বৰুৱাই মন কৰিলে যে তেওঁৰ দৰে ব্যক্তিৰ ৰাজনীতিত বিশেষ স্থান নাই ৷

    এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰি ২০১৩ চনৰ পৰাই পুনৰ সাহিত্যৰ চৰ্চাত একানপটীয়াকৈ মনোনিৱেশ কৰে ৷

    তেওঁৰ সম্পাদনাতে অসমৰ উচ্চ শিখৰত আৰোহন কৰা “ৰ’দ” নামৰ তিনিমহীয়া আলোচনী এখন নিয়মিতভাবে প্ৰকাশ পাই আহিছে ৷

    ইতিমধ্যে এই আলোচনীখন অসমৰ লগতে বৰ্হিৰাজ্যতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷

    সম্প্ৰতি আলোচনীখন সাহিত্যৰ আলোচনী হিচাবে প্ৰতিষ্ঠা লাভ কৰাৰ উপৰিও অসমৰ এক আগশাৰীৰ আলোচনীৰ মৰ্যদাও লাভ কৰিছে ৷

    সমান্তৰালকৈ “ৰৌদ্ৰালোক” নামৰ কাব্যসংকলন এখনো পাঠক সমাজলৈ আগবঢ়াই দিছে ৷

    একেধাৰে কবি , উপন্যাসিক , গল্পকাৰ , প্ৰৱন্ধ লেখক হিচাবে খ্যাতি লাভ কৰা বৰুৱাৰ কেইবাখনো আলোচনীৰ সম্পাদক হিচাবে কাম কৰি খ্যাতি অৰ্জন কৰিছে ৷

    বৰুৱাৰ সম্পাদনাত “শব্দ মোৰ দিনৰ বেলি ৰাতিৰ জোন” নামৰ আন এখন কাব্য সংকলন প্ৰকাশ পায় ৷ আন কেইবাখনো গ্ৰন্থ প্ৰকাশৰ পথত ৷

    বৰুৱাই জানিব দিয়া অনুসৰি “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজিৰ অসমীয়া সমাজ” নামৰ প্ৰবন্ধ পুথি এখন প্ৰকাশ পাব ৷

    অনুশীলা তাইৰ নাম” নামৰ উপন্যাস এখন আৰু “কাইলৈ প্ৰেমত পৰিম” নামৰ কাব্যসংকলনো প্ৰকাশ পোৱাৰ কথা এই প্ৰতিবেদকক জানিব দিয়ে ৷ এনেদৰেই সাহিত্যৰ চৰ্চা অব্যাহত ৰখা কবি সাহিত্যিক গৰাকীয়ে অসম চৰকাৰৰ তৰফৰ পৰা “অসম ভাষা গৌৰৱ” আচনিৰ অন্তৰ্গত লেখকৰ সম্বৰ্দ্ধনা বঁটা লাভ কৰিছে ৷

    বিভিন্ন সময়ত অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনে আয়োজন কৰা অনুষ্ঠানত যথোচিত সন্মান প্ৰদান কৰাৰ উপৰিও সম্বৰ্দ্ধনাও জনাই আহিছে ৷

    সামাজিক মাধ্যমৰ মজিয়াৰ পৰাও কেইবাটাও সাহিত্য সংস্কৃতিৰ গোটে বৰুৱাক সন্মান আৰু স্বীকৃতি প্ৰদান কৰিছে ৷

    সম্প্ৰতি সাহিত্যৰ ক্ষেত্ৰত বিশ্বনাথ জিলা ৰাজ্যখনৰ ভিতৰতে উল্লেখনীয় ভূমিকা পালন কৰিছে ৷ কেইবাজনো বৰেণ্য সাহিত্যিকে অসমৰ নাম উজলাই ৰখাৰ লগতে গৌৰাৱাম্বিত কৰিছে জিলাবাসীক ৷

    এই ধাৰাই অক্ষুন্ন ৰখা বৰুৱাৰ প্ৰচেষ্টাত আৰু অনুপ্ৰেৰণাত বহু সংখ্যক নবীন লেখক, লেখিকাৰ সৃষ্টি কৰা সাহিত্যৰ জগতৰ এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰিছে ৷

    নিসন্দেহে এই পদক্ষেপ আদৰণীয় বুলি সৰ্বত্ৰে চৰ্চিত ৷কবি, সাহিত্যিক জয়ন্ত বৰুৱাৰ সাহিত্যৰ চৰ্চাৰ ক্ষেত্ৰত নৱপ্ৰজন্ম তথা সাহিত্যনুৰাগী শুভাকাংক্ষীৰ বাবে আদৰ্শ স্বৰূপ হওক ৷ তেওঁৰ মৌলিক সৃষ্টিৰাজিয়ে স্বাভিমানেৰে জীয়াই থকাৰ সঠিক পথৰ সন্ধান দিয়ক ৷

    আহক আমি তেওঁৰ আদৰ্শগত পথৰ পথিক হৈ অসমৰ সাহিত্য সংস্কৃতিৰ ভৰাল চহকী কৰোহঁক ৷

    লেখকঃ
    ৰমেশ চন্দ্ৰ চৰেণ
    বিশ্বনাথ চাৰিআলি
    মোঃ9954834641/9435602425

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.