31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    সামৰণি পৰিল বিশ্বনাথত অনুষ্ঠিত হোৱা বাইক ৰাইডাৰ্চ

    ভাতৃত্ববোধ বৃদ্ধিৰ উদ্দেশ্যে বিশ্বনাথ চাৰিআলিত একগোট হ’ল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুশৰো অধিক বাইক ৰাইডাৰ্চ ৷

    অসম খবৰ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৯নৱেম্বৰ

    ভাতৃত্ববোধ বৃদ্ধিৰ উদ্দেশ্য বিশ্বনাথ চাৰিআলিত একগোট হ’ল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুশৰো অধিক বাইক ৰাইডাৰ্চ ৷

    দীৰ্ঘদিন ধৰি দু সাহসীক ক্ৰিয়াৰ সৈতে জড়িত নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনে বিশ্বনাথ চাৰিআলিত পোন প্ৰথমবাৰৰ বাবে  অনুষ্টিত কৰিলে ৰাইডাৰ্চ মিট্‌ ৷ দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা বাইক ৰাইডাৰ্চয়ে অংশগ্ৰহন কৰিছে এই অনুষ্টানত ৷

    বিশ্বনাথৰ অৰুণাছল সীমান্তৱৰ্তী ভৰাজুলিত দুদিনীয়াকৈ অনুষ্টিত কৰা হৈছে এই ৰাইডাৰ্চ মিট্‌ ৷

    এই অনুষ্টানত দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূৰাঞ্চলৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা অহা দুশৰো অধিক ৰাইডাৰ্চে অংশগ্ৰহন কৰিছে ৷

    নৈৰ পাৰত কেম্প পাতি নিশা অতিবাহিত কৰা লগতে অংশ গ্ৰহন কৰিছে বিভিন্ন প্ৰতিযোগিতাত ৷

    অনুষ্টানৰ লগত সংগতি ৰাখি পাঞ্জা, মটৰ চাইকেলৰ শ্ল ৰেচ , ৰচী টনা আদি প্ৰতিযোগীতা আয়োজন কৰা হৈছে ৰাইডাৰ্চ সকলৰ মাজত ৷

    জন জাতীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

    কাৰ্বি বসতি প্ৰধান ভৰাজুলি অঞ্চলৰ স্থানীয় জনজাতিয় গাও সমূহ পৰিদৰ্শন কৰাৰ ব্যৱস্থাও কৰিছে উদ্যোক্তা সকলে ৷

    উল্লেখ্য যে ২০১০ চনতে গঠন হোৱা নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচনৰ কেইবাগৰাকীও সদস্যই ইতিমধ্যে দু-সাহসিক ক্ৰীয়াৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

    বিগত সময়ত মাউন্ট এভাৰেষ্ট বেছ কেম্পলৈ ট্ৰেকিং, খাৰডুংলা,লাডাখ,কাৰগিল, উত্তৰাখণ্ড,মানাপাছ,বুমলা পাছ, মায়ডিয়া, টাৱাং,ভূটান,নেপাল,মেছুকা ইত্যাদি লৈ কেইবাবাৰো দু-সাহসী মটৰ চাইকেল যাত্ৰাৰ উপৰিও যুৱক-যুৱতীক পৰ্বতাৰোহন, ৰাফটিং, ৰক ক্লাইবিং, ৰেপেলিং, ট্ৰেকিং ইত্যাদিৰ দৰে বিভিন্ন দু-সাহসী ক্ৰীয়াৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সংগঠনটোৱে৷ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ভৰাজুলি অঞ্চলটোক জনপ্ৰিয় কৰি তোলাৰ বাবেই আয়োজন কৰা হৈছে এই অনুষ্টান ৷

    যাতে অনাগত দিনত অঞ্চলটোলৈ পৰ্যটকৰ সোত বয় ৷

    অঞ্চলটোৰ স্থানীয় লোক সকলে পৰিচালনা কৰিছে অনুষ্টানটো ৷

    অতিথি সকলে যাতে কষ্ট লাভ নকৰে তাৰ বাবে ৰাখিচে চকু ৷

       বিশ্বনাথ চাৰিআলিৰ বিভিন্ন স্থানৰ পৰা এই ৰাইডাৰ্চ মিট্‌ চাবলৈ স্থানীয় ৰাইজৰ সোত বৈছে ৷

    বিশেষকৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভিন্ন ভাষা-ভাষীৰ লোক সকলৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ উদ্দেশ্য আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় লোক সকলেও যথেষ্ট সহাৰি প্ৰদৰ্শন কৰিছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds