সানেকুছি পঞ্চায়তত উত্তপ্ত পৰিস্থিতি সৃষ্টিৰ সন্দৰ্ভত সংবাদ মেল

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৫৩(৭)নং সানেকুছি গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত যোৱা কালি কেইজনমান মুষ্টিমেয় লোকে পঞ্চায়তখনত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰাৰ সন্দৰ্ভত পঞ্চায়ত সভাপতি মুনীন্দ্ৰ বেজৰ সংবাদ মেল।

উল্লেখ্য যে পঞ্চায়তখনৰ অধীনস্থ গাঁঁও সমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ২০১১ চনৰ তালিকা মতে হিতাধিকাৰী বাচনিত ব্যাপক খেলিমেলিৰ অভিযোগ তোলাৰ লগতে অৰুনোদয় আঁচনি, প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আদিত কেলেংকাৰী হোৱা বুলি পঞ্চায়তখনত কেইজনমান লোকে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিছিল।

আজি সভাপতি গৰাকীয়ে সংবাদ মেলৰ জৰিয়তে সকলো অভিযোগ মিছা বুলি প্ৰমাণ সহকৰে উল্লেখ কৰি পঞ্চায়তখনৰ অন্তৰ্গত গাওঁ সমূহৰ উন্নতিৰ হকে কাম কৰিবলৈ সকলো পক্ষকে আহ্বান জনাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.