সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

■ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীঃ দেওবাৰে নিশা নলবাৰী জিলাৰ মাজমজিয়াত আছুকৰ্মীৰ ওপৰত অচিনাকী দুৰ্বৃত্তইই কৰা আক্ৰমণ আৰু দোষীক অতিশিঘ্ৰে চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আজি বিক্ষোভ কাৰ্যসুচী হাতত লয়।

দেওবাৰে নিশা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন সহ তিনিগৰাকী আছু কৰ্মীয়ে নাগ্ৰীজুলীৰ এখন সভাৰ পৰা আহি থকা অৱস্থাত নলবাৰী জাজীয়াবাৰীত কোনো অচিনাক্ত লোকে আক্ৰমণ কৰে। তাৰ প্ৰতিবাদত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই দোষীক অতি শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.