শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ঐতিহাসিক সঠাই জানত নাও খেল প্ৰতিযোগিতা

নলবাৰী জিলাৰ বৰভাগৰ ঐতিহাসিক সঠা যানত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সঠাই জানত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

হেমেন ভট্টই আতধৰা খেলখন পৰিচালনা কৰে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক মুকুল লহকৰৰ লগতে মফিজ আলী,ৰাতুল ভট্টাচাৰ্য,শৈলেন্দ্ৰ শৰ্মাই।

জন্মাষ্টমী উপলক্ষে অনুষ্ঠিত হোৱা নাও খেলখনত প্ৰথম পুৰস্কাৰ জানমণি দলে লাভ কৰাৰ লগতে দ্বিতীয় পুৰস্কাৰ বৰশিমলুৱাৰ মা কামাখ্যা আৰু ৰাইমাধাৰ মা ফাতেমা দলে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

বিজয়ী দল সমুহক একোটাকৈ পিতলৰ কলহৰে পুৰস্কৃত কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কভিড প্ৰটকল মানি নাও খেল উপভোগ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.