Sunday, May 25, 2025
27 C
Guwahati

শোণিতপুৰৰ ৰঙাপৰাত অনুষ্ঠিত আন্তঃবিদ্যালয় ভলীবল প্ৰতিযোগিতা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

প্ৰতিবেদক, ৰঙাপৰাঃ ৰঙাপৰা ক্ৰীড়া সন্থা আৰু ৰঙাপৰা প্ৰেছ ক্লাৱৰ সৌজন্যত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৩-০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ৮ খন বিদ্যালয় অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে, সোমবাৰে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে পতাকা উত্তোলন কৰাৰ লগতে ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰুজ শইকীয়া খেল উদ্ধোধন কৰে।

ৰঙাপৰা ক্ৰীড়া সন্থাৰ সম্পাদক আব্দুল ৰহিম,সাংবাদিক পংকজ নাথ,অমিত নাৰ্জাৰী ,দীপক শইকীয়া আৰু শুকেশ দাসে খেল কেইখন পৰিচালনা কৰে।বিদ্যালয়ৰ  বিষয় শিক্ষক নন্দেশ্বৰ ভৰালীয়ে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন শিক্ষক ভৱেশ মিশ্ৰই।

বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি বালিপৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনিশ ঠাকুৰে কয় যে শিশুৰ মনত নতুন প্ৰতিভা জাগ্ৰত কৰিবলৈ খেল-ধেমালিৰ আৱশ্যকতা আছে।

খেলাই কোনো এটা বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষা নিতিৰ ওপৰত আলোকপাত কৰে। খেলুৱৈয়ে নিজৰ প্ৰতিভাৰ দ্বাৰা নিজৰ পৰিচয় দাঙি ধৰে বুলি তেওঁ নিজৰ ভাষনত উল্লেখ কৰে।

১৭৫১ চনত হিপ্ হিপ্ হুৰৰে শব্দটো প্ৰথম প্ৰয়োগ হৈছিল আৰু এই এই শব্দ আনন্দ প্ৰকাশত ব্যৱহৃত হয় বুলি তেওঁ কয়।বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে কয় যে শিক্ষাৰ জড়িয়তে মনৰ বিকাশ হয় আৰু খেলৰ জড়িয়তে শৰীৰৰ বিকাশ হয়।

খেল ধেমালি সমাজ গঠনত সক্ৰিয় ভূমিকা পালন কৰে।খেল ধেমালি শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় বুলি তেওঁ উল্লেখ কৰে।সভাত অংশগ্ৰহণ কৰি ৰঙাপৰা প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডঃ দিলিৰাম অধিকাৰীয়ে কয় যে খেলৰ জৰিয়তে শিশু সকল শাৰিৰীকভাৱে সুস্থ আৰু নিৰোগী হয়।

যিবিলাক খেলা সক্রিয় আৰু শক্তিশালী, তেনেধৰণৰ খেলাই শিশুৰ মাংসপেশী নিয়ন্ত্ৰণৰ সহায়ক। দেহৰ অংগসমূহৰ পৰিপক্ক দৈহিক বিকাশ আৰু অংগ-সঞ্চালনাৰ দক্ষতা অর্জন কৰিব পাৰি আৰু শিশুৰ এই দক্ষতাবোৰৰ অভ্যসনৰ সুযোগ পায়। খেলৰ দ্বাৰা যিদৰে শিৰাৰ সুষম বিকাশ ঘটে, ঠিক তেনেদৰে সামগ্রিক পেশীৰ সমন্বয়ো ঘটে।সভাত ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰে ল’ৰা-ছোৱালীক পঢ়া লগতে খেলতো মনযোগ দিবলৈ আহ্বান জনায়।

নিজৰ সভাপতিৰ ভাষনত প্ৰাক্তন শিক্ষক ভৱেশ মিশ্ৰই কয় যে কৃতকাৰ্যতা পাবলৈ কোনো চমু বাট নাই। বাট বহু দীঘলীয়া।কৃতকাৰ্যতা পাবলৈ কষ্ট কৰিব লাগিব।আজিৰ সভাত প্ৰাক্তন অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ দত্ত, ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰুজ শইকীয়া, সম্পাদক আব্দুল ৰহিম আৰু বিদ্যালয় শিক্ষক-শিক্ষায়ত্ৰী অংশগ্ৰহণ কৰে। শিক্ষা বিষয়া মনিশ ঠাকুৰ আৰু ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰে বঁটা সমূহ বিতৰণ কৰে।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds