লাইলাপুৰৰ ঘটনাৰ বিৰুদ্ধে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী

♦অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
নলবাৰী চহৰৰ জৈন মন্দিৰ চকত আজি সংগঠটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে। অসম মিজো সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ জোৱানক মিজো দৃবৃত্তৰ গুলীবৰ্ষণত মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিবাদত সংগঠনটোৱে প্ৰতিকৃতি দাহ কৰে।

সংগঠনটোৱে অমিত শ্বাহ মুৰ্দাবাদ, মিজোৰাম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে।
সংগঠনটোৱে চৰকাৰক সকয়নি প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক কাৰ্য্যসূচীৰ দৰে জংগী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.