মায়ঙৰ ব্ৰহ্মপুত্ৰ ত উদ্ধাৰ মুণ্ড বিহীন মৃতদেহ

মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ কৰা এটা মৃতদেহ ।

জানিব ‌পৰা মতে মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত গাগলমাৰী গাঁৱৰ ভূঞা বস্তি ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত।

গাগলমাৰী গাঁৱৰ ভূঞা বস্তি কেইজনমান গাৱৰ লোকে ব্ৰহ্মপুত্ৰ ৰ পানীত এটা মৃতদেহ উটি অহা প্ৰত্যক্ষ কৰে।প্ৰত্যক্ষদৰ্শী লোকে ব্ৰহ্মপুত্ৰ ৰ পৰা মৃতদেহটো উঠাই আনি পাৰত ৰাখি দেখে যে মৃতদেহ নগ্ন অৱস্থা আৰু মুণ্ড বিহীনটো এগৰাকী যুৱতীৰ ।

এই কথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৱগত কৰাত মায়ং ৰাজহ ৰ সমীপত থকা জাগীৰোড থানা আৰু মায়ং ‌থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় গৈ। মুণ্ড বিহীন যুৱতী গৰাকীৰ গাত সামান্য পৰিমাণে নীলা কাপোৰ দেখিবলৈ পোৱা গৈছে।

গাঁৱৰ ৰাইজৰ সন্দেহ কোনো দূষ্কৃতিকাৰী এনে কাৰ্য কৰিছে।

মুণ্ড বিহীন যুৱতী গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ‌ বাবে শ্বহীদ তিলক-হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয় মৰিগাঁও লৈ প্ৰেৰণ কৰিছে।

মৰণোত্তৰ পৰীক্ষাৰ‌ পিছত হে সকলো সত্য পোহৰলৈ আহিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*