বিশ্বনাথ ত ৰদ গোষ্ঠীৰ উদ্যোগত দুখন কৈ গ্ৰন্থ উন্মোচন

 

ললিত নাথৰ” ৰদৰ ফুল” আৰু সোমেশ্বৰ ওৰাঙৰ সেউজ সোণোৱালী সপোনৰ ৰূপ বিচাৰি উন্মোচন

 

বিশিষ্ট সাহিত্যিকয়েছে ঠংছি দৰ্জীলৈ কথা ৰত্ন২০২১ সন্মান সমীৰ তাঁতীলৈ২০২১বৰ্ষ ৰ কাব্য ৰত্ন সন্মান

বিশ্বনাথ চাৰিআলি১১নৱেম্বৰ :

বিশ্বনাথ চাৰিআলিৰ ৰদ গোষ্ঠীৰ উদ্যোগত আজি বিশ্বনাথৰ মাতৃ পিতৃ হোটেলত দুখন কাব্য গ্ৰন্থ উন্মোচন কৰা হয়। বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কবি ললিত নাথৰ ৰদৰ ফুল নামৰ কবিতা গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট কবি ৰূপালী দাসে।

আন এগৰাকী প্ৰবীণ কবি সোমেশ্বৰ ওৰাঙৰ সেউজ সোণোৱালী সপোনৰ ৰূপ বিচাৰি নামৰ কাব্য গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট বিশিষ্ট শিশু সাহিত্যিক শৈলেন্দ্ৰ বৰাই। ইয়াৰ পূৰ্বে এটি প্ৰাৰ্থনৰে সভাৰ শুভাৰম্ভ কৰে ৰুবি শইকীয়া,দুলাল বৰা ,নুৰ হুছেইন আৰু পুৱালী শইকীয়াই।

সভাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ দিয়ে ৰদৰ সম্পাদক জয়ন্ত বৰুৱাই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে ডঃ মৰমী হাজৰিকা ৰাভাই।

সভাত কাব্য গ্ৰন্থৰ লেখক ললিত নাথ, আৰু সোমেশ্বৰ ওৰাঙে বক্তব্য ৰাখে।,ৰাম শইকীয়া, ভুধৰ দাস, বিমান ৰায় বৰুৱা, অতুল দাস, ভুৱন লুইটেল, বৈশাক্ষু ৰয়,ৰুবি শইকীয়া,প্ৰেম বৈষ্ণৱ আদিয়ে অংশ গ্ৰহণ কৰে।

কবিতা পাঠ কৰে মাধৱী হাজৰিকা,জুথিকা হাজৰিকা, বিশ্বজিৎ সূত,পুৱা লী শইকীয়া, ৰুবি শইকীয়া দাসে।অনুষ্ঠানৰ আঁত ধৰে খগেন মটকে।

ৰ’দ গোষ্ঠীৰ ২০২১ বৰ্ষ ৰ কথা ৰত্ন সন্মান য়েছে ঠংছি দৰ্জী আৰু ২০২১বৰ্ষৰ কাব্য ৰত্ন সন্মান বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে। সভাত আনুষ্ঠানিক ভাৱে এই কথা ঘোষণা কৰে ৰ’দ গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.