বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ত লোক শুনানি কাৰ্যসূচী

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলাম: বিলাসীপাৰা মহকুমাৰ জনসাধাৰণৰ যিকোনো সমস্যা তৎক্ষণাত সমাধান কৰাৰ উদ্দেশ্যে মহকুমাধিপতি সৃষ্টি সিঙৰ নেতৃত্বত আজি অনুষ্ঠিত হয় লোক শুনানি কাৰ্যসূচী। অনুষ্ঠানটোত বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে নিজৰ নিজৰ সমস্যা লৈ লোক শুনানি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উক্ত কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা মহকুমাধিপতি সৃষ্টি সিঙ, মহকুমাটোৰ কেইবাজনো ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত আৰু মহকুমাটোৰ সকলো বিষয়া-কৰ্মচাৰী।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.