পুত্ৰৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান এগৰাকী মাতৃৰ

● নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কোটালগুচিৰ এটি পৰিয়ালে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজ তথা দল সংগঠনৰ লগতে ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিছে।

পৰেশ দাস আৰু মৰমী দাসৰ পুত্ৰ সন্তানটি জন্মৰে পৰা শাৰীৰিক ভাবে অসুস্থ। লৰাটোৰ দেহৰ প্ৰায়ভাগ অংগই বিকল।

উপযুক্ত চিকিৎসা কৰিবলৈ পৰিয়ালটো বৰ্তমান আৰ্থিকভাৱে সক্ষম নহয়।

১৩ বছৰীয়া ল’ৰা জনৰ উপযুক্ত চিকিৎসাৰ বাবে কোনো হৃদয়বান লোকে যদি সহায় আগবঢ়াব খোজে তেন্তে, 7896769305 নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে  ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 38725544492.IFSC-SBIN0005092,ত সহায় কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.