পদূলিত মাঘ বিহু
লক্ষীমপুৰতো ভোগালী বিহুৰ প্ৰস্তুতি :
লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰীয়া ডেকা গাভৰু,জীয়ৰী -বোৱাৰীৰ মাজত ভোগালীৰ আনন্দ-উল্লাস ।
সমগ্ৰ অসমৰ লগতে লক্ষীমপুৰৰ নাৰায়ণপুৰ-বিহপুৰীয়াৰ গাঁৱে-ভূঞে নগৰে-চহৰে নগৰে অসমীয়াৰ প্ৰাণৰ ভোগালী বিহুটোৰ উলহ-মালহেৰে ব্যাপক আয়োজন কৰা দেখা গৈছে।
নতুনকৈ জাৰিকৰা SOPলৈ কোনো চিন্তিত নহয় অসমীয়া ৰাইজ ।
গাঁৱৰ ডেকা-গাভৰু জীয়াৰী-বোৱাৰীৰ গা এতিয়া সাতখন-আঠখন । চাৰিওফালে ঢেঁকীৰ গোম্-গোমনীৰ শব্দই ৰজন্জনাই উঠিছে জীয়ৰী-বোৱাৰীৰ দুভৰীৰ ছন্দত ।
কোনে কিমাম জুতি লগাই বনাব পাৰে তাৰেই যেন প্ৰতিযোগিতা দেখা গৈছে গাৱঁৰ সমূহত ।
নাৰায়ণপুৰৰ বৰনাহৰনিটো মহিলা আত্মসহায়ক গোটৰ বিহুৰ ব্যপক প্ৰস্তুতি মাঘ বিহুক লৈ ।
এইবাৰ পিঠা-পনা ব্যৱসায় কৰি দুপইচা অৰ্জন কৰা সংকল্প এই সকল গোটৰ আই মাতৃ সকলে। আনহাতে ভোলাবৰীৰ আদিবাসী জনগোষ্ঠী সকলে শংকৰী ধৰ্ম-সংস্কৃতি গ্ৰহন কৰি প্ৰতিবছৰে বিহু উৎসৱ পালন কৰি আহি সমগ্ৰ অঞ্চলটোত এক সুকীয়া নিৰ্দশন দেখুৱাইছে । তেওঁলোকে ভেলাঘৰ সাঁজি অসমীয়া সংস্কৃতিৰ পৰমপৰা ৰক্ষা কৰি অন্য এক আদৰ্শনীয় পদক্ষেপ হাতত লৈছে ।
আনহাতে বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটত দেখা গৈছে মাঘ বিহু উখল মাখল পৰিৱেশ, চতিয়া, জামুগুৰীহাটত, তেজপুৰ, কলিয়াব, নগাঁও, শিৱসাগৰ, যোৰহাটৰ টিয়ক, কাকজান, ডিব্ৰুগড়, তিনিচুকীয়া,নলবাৰী, বৰপেটা, ৰঙিয়া, মায়াং, মঙলদৈ, গুৱাহাটী মহানগৰ লগতে বিহালী সমষ্টিৰ লগতে গহপুৰতো মাঘ বিহুক লৈ ব্যাপক আয়োজন কৰিছে অসমীয়া যুৱক যুৱতীয়ে।
ইফালে কভিড নীতি নিয়ম কিছু শিথিলতা কৰাত আনন্দিত হৈছে অসমীয়া ৰাইজ ।
অসম খবৰ বিশেষ প্ৰতিনিধি জয়ন্ত কুমাৰ হাজৰিকাৰ ।
Leave a Reply