31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

    পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

    নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোল অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথ আজি দীৰ্ঘবছৰৰ অন্তত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।

    লোক নিৰ্মাণ বিভাগ (পথ)ৰ দ্বাৰা বৰাজোল চ’কৰ পৰা ভিঠালৈ যোৱা পথছোৱা আজি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি কৰে।

    বিধায়কগৰাকীয়ে নিজৰ ভাষণত এছ ও পি আঁচনিৰ অধীনত ৩-কৌটি ৮৬-লাখ টকাৰ ব‍্যয় সাপেক্ষে নিৰ্মাণ হবলগা পথছোৱাত যাতে কোনো দুৰ্নীতি-অনিয়ম নহয় তাৰ বাবে ৰাইজক চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়।

    উক্ত অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মণিষা কলিতা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,১৪ নং পূৱ বনভাগ গাঁও পঞ্চায়তৰ সভাপতি নমিতা ৰাজবংশী,কাউন্সিলাৰ মণিকা ভৰালী, নলবাৰী লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী আৰু ৰাইজে অংশগ্ৰহণ কৰে।

    অনুষ্ঠানটিৰ আঁত ধৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক বুবুল দাসে।

    নলবাৰীৰ ফইজুল হক চৌধুৰীৰ

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.